
মৰিগাওঁ, ১৪ মে (হি.স.)। জাগীৰোডত নিশা চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত আৰক্ষীৰ অভিযানত তেলৰ টেংকাৰত উদ্ধাৰ ২৪ টা চোৰাং গৰু। জাগীৰোড আৰক্ষীয়ে জব্দ কৰে এএছ ০৫চি ১০৩৪ নম্বৰৰ তেলৰ টেংকাৰ খন । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰাবাটলৈ সৰবৰাহ কৰিছিল চোৰাং গৰু কেইটা।
আটকাধীন গৰু সৰবৰাহকাৰী ক্ৰমে লক্ষীমপুৰৰ মঃ চৰিফুল আলী, মঃ আলালুদ্দিন আৰু নগাঁৱৰ মঃ মোজাম্মিল হক।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু