অসম গ্ৰামীণ বিকাশ বেংক জাগাৰাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা লক্ষাধিক টকা হৰলুকি
নলবাৰী, ১৪ মে (হি.স.)। নলবাৰী জিলাৰ জাগাৰাস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰত কেইবা গৰাকীও মহিলাৰ জমাধন দীৰ্ঘদিন ধৰি হৰলুকি হৈ অহাৰ সমস্ত ঘটনা শেহতীয়া ভাবে পোহৰলৈ আহিছে । অসম গ্ৰামীণ বিকাশ বেংক (জাগাৰা শাখা) ৰ দ্বাৰা অনুমোদিত জা
অসম গ্ৰামীণ বিকাশ বেংক জাগাৰাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা লক্ষাধিক টকা হৰলুকি


নলবাৰী, ১৪ মে (হি.স.)। নলবাৰী জিলাৰ জাগাৰাস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰত কেইবা গৰাকীও মহিলাৰ জমাধন দীৰ্ঘদিন ধৰি হৰলুকি হৈ অহাৰ সমস্ত ঘটনা শেহতীয়া ভাবে পোহৰলৈ আহিছে । অসম গ্ৰামীণ বিকাশ বেংক (জাগাৰা শাখা) ৰ দ্বাৰা অনুমোদিত জাগাৰাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ক্ষুদ্ৰ শাখাত নিয়োজিত বেংক মিত্ৰ গৰাকীয়ে অঞ্চলটোৰ মহিলা সকলৰ লক্ষাধিক জমাধন হস্তগত কৰি শেহতীয়া ভাবে পলাতক অৱস্থাত আছে ।

উল্লেখ্য যে মহিলা সকলে নিজৰ নিজৰ জমাধন মুকলি কৰিবলৈ আহি তেওলোকৰ একাউণ্টত ধন নেদেখি হতভম্ব হৈ পৰে মহিলা গ্ৰাহকসকল । এই সন্দৰ্ভত একাউণ্টৰ গৰাকীসকলে বেংক মিত্ৰ ভৱেশ বৈশ্যক জবাবদিহি কৰাত সকলো ষড়যন্ত্ৰ উন্মোচিত হৈ পৰে আৰু অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । উল্লেখ্য যে গ্ৰাহক সেৱা কেন্দ্ৰ সমূহত আঙুলিৰ চাপেৰেহে ধনৰ লেন দেন হয় । জানিব পৰা মতে ইয়াৰ সুযোগ গ্ৰহণ কৰি বেংক মিত্ৰ ভৱেশ বৈশ্যই গ্ৰাহকসকলে মুকলি কৰিবলগীয়া জমাধনতকৈ বেছি মুকলি কৰে আৰু ওপৰঞ্চি ধনখিনি এনেদৰে আত্মসাত কৰি আহিছে ।

জানিব পৰা মতে জমাধন মুকলি কৰা গ্ৰাহক সকলক কোনোধৰণৰ ৰচিদ প্ৰদান নকৰাৰ বাবেই গ্ৰাহক সকলেও কিমান ধন মুকলি কৰে জানিব পৰা নাছিল । ইয়াৰ লগতে ধন জমা কৰিবলৈ আহিলেও কোনো ধৰণৰ জমা কৰা ৰচিদ নিদিয়ে আৰু সেই ধন সমূহ একাউণ্টত জমা নকৰি আত্মসাত কৰি আহিছিল। শেহতীয়া ভাবে বেংক মিত্ৰ গৰাকীয়ে লক্ষাধিক টকা আত্মসাৎ কৰিছে।

বেংক মিত্ৰগৰাকীৰ উক্ত চক্ৰান্ত ফাদিল হৈ পৰাত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইতিমধ্যে গোটেই কেইগৰাকী মহিলা গ্ৰাহকে জাগাৰা শাখা কাৰ্যালয়ত উপস্থিত হৈ শাখা পৰিচালকক লগ কৰি বেংক মিত্ৰগৰাকীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে । ইতিমধ্যে বেংক মিত্ৰ ভৱেশ বৈশ্য নিজৰ প্ৰতিষ্ঠান বন্ধ কৰি পলাতক অৱস্থাত আছে। এইক্ষেত্ৰত শাখা পৰিচালক গৰাকীয়ে বেংক মিত্ৰগৰাকীৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande