
বক্স অফিচত ছাই পল্লৱীৰ বলীউডত অভিষেক ঘটোৱা ছবি ‘এক দিন’ৰ প্ৰদৰ্শন বিশেষ নোহোৱাৰ বাবে তেওঁৰ আগন্তুক ছবি ‘ৰামায়ণ’ক লৈ পুনৰ চৰ্চাৰ সূচনা হয়। ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাই পল্লৱীৰ কণ্ঠ ডাবিং কৰাৰ কথা চিন্তা কৰা হৈছে। খবৰ অনুসৰি ‘এক দিন’ত তেওঁৰ হিন্দী উচ্চাৰণৰ বাবে ছ’চিয়েল মিডিয়াত সমালোচনা লাভ কৰাৰ পিছতে প্ৰযোজকসকলে এই পদক্ষেপ গ্ৰহণ কৰে।
খবৰ অনুসৰি পৰিচালক নিতেশ তিৱাৰী আৰু তেওঁৰ দলৰ মতে ‘ৰামায়ণ’ৰ দৰে কাহিনীত সীতাৰ চৰিত্ৰত আৱেগিক গভীৰতাৰ প্ৰয়োজন, লগতে বিশুদ্ধ হিন্দী উচ্চাৰণৰ প্ৰয়োজন। বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ছাই পল্লৱীৰ হিন্দী উচ্চাৰণক লৈ প্ৰশ্ন উত্থাপন কৰে। আনকি কিছুমানে ‘ৰামায়ণ’ৰ দৰে ডাঙৰ প্ৰকল্প এটাত ভাষা আৰু সংলাপ প্ৰদানৰ ক্ষেত্ৰত অধিক যত্ন লোৱা উচিত আছিল বুলিও পৰামৰ্শ দিছিল।
সীতাৰ চৰিত্ৰত আলিয়া ভাটক চূড়ান্ত পছন্দ বুলি গণ্য কৰা হৈছিল যদিও তাৰিখৰ সমস্যাৰ বাবে তেওঁ ছবিখনৰ পৰা আঁতৰি যায়। পৰৱৰ্তী সময়ত ছাই পল্লৱীয়ে এই চৰিত্ৰটো লাভ কৰে। ছবিখনত ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ আৰু ৰাৱণৰ চৰিত্ৰত যশে অভিনয় কৰিব । বাতৰি অনুসৰি ৰামায়ণ: ১ম খণ্ড ২০২৬ চনৰ দীপাৱলীত মুক্তি পাব পাৰে, দ্বিতীয় খণ্ড ২০২৭ চনত ছবিগৃহলৈ আহিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া