গুজৰাটৰ ৰাজকোটত ঘাইপথত জ্বলন্ত অগ্নিপিণ্ডত পৰিণত বাছ, চাৰিজন যাত্ৰী জীৱিত অৱস্থাত অগ্নিদগ্ধ, ৩০-৩৫ জন যাত্ৰী উদ্ধাৰ
ৰাজকোট, ১৪ মে’(হি.স.)। গুজৰাটৰ চোটিলা-ৰাজকোট ৰাষ্ট্ৰীয় ঘাইপথৰ সাংগানি গাঁৱৰ সমীপত বুধবাৰে নিশা আহমেদাবাদৰ পৰা ৰাজকোট অভিমুখী এখন ব্যক্তিগত ট্ৰেভেল বাছে বিটুমিন কঢ়িওৱা টেংকাৰ এখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। নিমিষতে বাছখন জুইৰ লেলিহান শিখাই আগুৰি ধৰিল
बचाव कार्य मे जुटी फायर विभाग की टीम


सड़क हादसे में शिकार लोगो को बचाने में जुटे स्थानीय


सड़क हादसे में 4 जिंदा जले


ৰাজকোট, ১৪ মে’(হি.স.)। গুজৰাটৰ চোটিলা-ৰাজকোট ৰাষ্ট্ৰীয় ঘাইপথৰ সাংগানি গাঁৱৰ সমীপত বুধবাৰে নিশা আহমেদাবাদৰ পৰা ৰাজকোট অভিমুখী এখন ব্যক্তিগত ট্ৰেভেল বাছে বিটুমিন কঢ়িওৱা টেংকাৰ এখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। নিমিষতে বাছখন জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে। এই দুৰ্ঘটনাত ৪ জন যাত্ৰী জ্বলি যোৱাৰ বিপৰীতে ১০ জন যাত্ৰী আহত হয়। মৃতদেহবোৰৰ অৱস্থা ইমানেই বেয়াকৈ অগ্নিদগ্ধ হৈছে যে ডি এন এ পৰীক্ষাৰ জৰিয়তেহে চিনাক্তকৰণ সম্ভৱ। চোটিলা এছডিএম এইচ.টি. মাকৱানাই এই কথা নিশ্চিত কৰিছে।

জানিব পৰা মতে, মাজ নিশা প্ৰায় ১:৩০ বজাত ঘাইপথত হঠাতে বিটুমেনৰ টেংকাৰখনৰ টায়াৰ ফাটি যায়। টায়াৰ ফাটি যোৱাৰ ফলত টেংকাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পিছফালৰ পৰা তীব্ৰ বেগত অহা ব্যক্তিগত ট্ৰেভেল বাছখনে টেংকাৰখনৰ লগত খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত বাছখনত শ্বৰ্ট চাৰ্কিটৰ সৃষ্টি হয় আৰু কেইছেকেণ্ডমানৰ ভিতৰতে সমগ্ৰ বাছখন জুইৰ শিখাই আগুৰি ধৰে। দুৰ্ঘটনাৰ সময়ত অধিকাংশ যাত্ৰী শুই আছিল। কিছুমানে ওলাবলৈও সুযোগ নাপালে। প্ৰাণ ৰক্ষা কৰিবলৈ যাত্ৰীসকলে বাছৰ খিৰিকী ভাঙি জপিয়াই ওলাই আহিল। আনহাতে তলৰ গৰম আলকাতৰাত পৰি একাংশ যাত্ৰীও অগ্নিদগ্ধ হৈ পৰে। তাৰ ভিতৰত লিমডিৰ বাসিন্দা নৰেন্দ্ৰ ৰাথোদ আছিল। তেওঁৰ হাতখন গুৰুতৰভাৱে জ্বলি গৈছিল। চোটিলাত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত আহতসকলক ৰাজকোট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বিধি পাতোদিয়া (১৮), মেন্দৰ্দা, জুনাগড়; নৰেন্দ্ৰ ৰাথোদ (৫০), লিমডি, সুৰেন্দ্ৰনগৰ; আৰু নাগাৰাজ ৰাণা (৩০), তালালা, গীৰ সোমনাথকো এই দুৰ্ঘটনাত অগ্নিদগ্ধ হয়।

তথ্য লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু যথেষ্ট কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰা হয়। প্ৰত্যক্ষদৰ্শী অজয় মেৱাদাই জনোৱা মতে, দুৰ্ঘটনাৰ পিছত বাছখনত লাহে লাহে জুই বিয়পি পৰে। ওচৰৰ পেট্ৰ’ল পাম্পৰ পৰা অগ্নিনিৰ্বাপক চিলিণ্ডাৰ আনি জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছিল যদিও টেংকাৰৰ পৰা বৈ অহা গৰম আলকাতৰা বিয়পি থাকিল। তেওঁ কয় যে গ্লাছ ভাঙি প্ৰায় ২০ৰ পৰা ২৫জন যাত্ৰীক উদ্ধাৰ কৰাৰ বিপৰীতে বাছখনৰ ভিতৰতে চাৰিজন লোকক জীৱিত অৱস্থাত অগ্নিত জাহ যায় ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande