শিৱসাগৰ জিলাৰ ডিমৌৰ খৰাহাটত ভয়ংকৰ পথ দুৰ্ঘটনা
শিৱসাগৰ জিলাৰ ডিমৌৰ খৰাহাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
শিৱসাগৰ জিলাৰ ডিমৌৰ খৰাহাটত ভয়ংকৰ পথ দুৰ্ঘটনা


শিৱসাগৰ, ১৪ মে’ (হি.স.): শিৱসাগৰ জিলাৰ ডিমৌৰ খৰাহাটত যোৱা কালি বুধবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । স্কুটি দুৰ্ঘটনাত নিহত হয় দুজন লোক, আনহাতে আহত হয় এজন লোক । নিহত দুজনৰ নাম হলিৰাম ফুকন ওৰফে লুথুফ আৰু বিশ্বজিৎ বৰগোহাঁই । আহত জনৰ নাম অৰূপ ভৰলুৱা বুলি জানিব পৰা গৈছে । নিহত দুয়োজনৰ ঘৰ বেতবাৰী চেঙেলীবাৰী গন্ধীয়া গাঁৱত।

ডিমৌৰ হাৰিপৰা আলিৰ খৰাহাট ৰেলৱে ক্ৰচিঙৰ কাষত সংঘটিত হয় দুৰ্ঘটনাটো ৷ স্কুটীখন চলাই যাওঁতে এটা পকী প'ষ্টত খুন্দা মৰাৰ ফলতে নিহত হয় দুয়োজন । স্কুটিখনৰ সন্মুখলৈ হঠাৎ এটি শিশু চাইকেল লৈ পাৰ হওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা খুটাত গৈ খুন্দা মাৰে স্কুটিখনে ৷ ফলত তিনিজন আৰোহী থকা স্কুটিখনৰ হলিৰাম ফুকন থিতাতে নিহত হোৱাৰ উপৰিও বিশ্বজিৎ বৰগোহাঁই চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande