গহপুৰৰ হাৱাজানত ভয়ংকৰ পথ দূৰ্ঘটনা
থিতাতে নিহত যুৱতী।
গহপুৰৰ হাৱাজানত ভয়ংকৰ পথ দূৰ্ঘটনা


বিশ্বনাথ, ১৪ মে’ (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ হাৱাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা । জিমলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল'লে দীপিকা বৰদলৈ নামৰ যুৱতীগৰাকীয়ে ।

গহপুৰৰ হাৱাজানৰ শ্বহীদ বেদীৰ সন্মূখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত যোৱা কালি বিয়লি ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ১৯ বছৰীয়া যুৱতীগৰাকী । জানিব পৰামতে, গহপুৰ অভিমুখী ট্ৰেইলৰ বাহন আৰু হাৱাজান অভিমুখী স্কুটিৰ লগত মুখামুখি সংঘৰ্ষত এই শোকাৱহ ঘটনাটো সংঘটিত হয় । এই ঘটনাই অঞ্চলটোত শোকাকূল পৰিৱেশৰ সৃষ্টি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande