
কোকৰাঝাৰ, ১৪ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি বুধবাৰে নিশা চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে ।টিপকাই আৰক্ষীৰ অভিযানত জব্দ ৪টাকৈ চোৰাং গৰু ।
জানিব পৰামতে, চোৰাং সৰবৰাহকাৰীয়ে শিলবান বনাঞ্চলত মজুত কৰি ৰাখিছিল চোৰাং গৰু কেইটা । চোৰাং বেপাৰীয়ে গৰু কেইটা বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে আনিছিল বুলি ধাৰণা কৰা হৈছে । আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি চোৰাং বেপাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
অসমৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাই থকা অভিযানত চোৰাং গৰু সৰবৰাহ কৰা বাহন জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ ৰূপহীহাট, কামপুৰ, গোৱালপাৰা আৰু উত্তৰ গুৱাহাটীত অবৈধভাৱে মেঘালয়লৈ নি থকা বহুসংখ্যক গৰু ভৰ্তি বাহন আৰক্ষীয়ে জব্দ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ