মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক সমষ্টিবাসীৰ আদৰণি
বৰপেটা, ১৪ মে (হি.স.)। মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক কালি বিয়লি সমষ্টিবাসীৰ আদৰণি। সমষ্টিৰ চুকে কোণে বিধায়ক শ্বেৰমান আলী আহমেদক উষ্ম অভিনন্দন ৰাইজৰ। বাট পথ,বজাৰ সমাৰ সকলোতে বিধায়ক গৰাকী ৰাইজৰ ওচৰলৈ গৈ বিচাৰিছে দোৱা আৰু
মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক সমষ্টিবাসীৰ আদৰণি


বৰপেটা, ১৪ মে (হি.স.)। মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক কালি বিয়লি সমষ্টিবাসীৰ আদৰণি। সমষ্টিৰ চুকে কোণে বিধায়ক শ্বেৰমান আলী আহমেদক উষ্ম অভিনন্দন ৰাইজৰ। বাট পথ,বজাৰ সমাৰ সকলোতে বিধায়ক গৰাকী ৰাইজৰ ওচৰলৈ গৈ বিচাৰিছে দোৱা আৰু আশীৰ্বাদ।

অনাগত পাঁচ বছৰত সমষ্টিটোত মূলতঃ বাট পথ আৰু গঢ়াখহনীয়াৰ সমস্যা সমাধান কৰাৰ প্ৰধান লক্ষ্য বাচি লৈছে বিধায়ক গৰাকীয়ে। সমান্তৰালকৈ মাটিৰ পট্টা আৰু ভূমিহীনক ভূমি প্ৰদান কৰাৰ লক্ষ্যও শ্বেৰমান আলী আহমেদৰ। সমষ্টিটোৰ মন্দিয়া ,কপোহা ,মেধিৰটাৰী আদি বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে শ্বেৰমান আলী আহমেদে। সভাত ৰাইজে গামোছা,মানপত্ৰ, শৰাই আদিৰে নৱনিৰ্বাচিত বিধায়ক গৰাকীক অভিন্দন জ্ঞাপন কৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande