দ্বিতীয় দিনাও ক্রাইম ব্রাঞ্চ কাৰ্যালয়ত উপস্থিত পৱন খেৰা
গুৱাহাটী, ১৪ মে’ (হি.স.)। অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চৰ কাৰ্যালয়ত জেৰা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰা বৃহস্পতিবাৰে দ্বিতীয় দিনাও উপস্থিত হয়। বুধবাৰে নিশা প্ৰায় ১০ ঘণ্টীয়া জেৰা চলাৰ পিছত তেওঁক যাবলৈ অনুমতি দিয়া হৈছিল।
पवन खेड़ा Pawan Khera


গুৱাহাটী, ১৪ মে’ (হি.স.)। অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চৰ কাৰ্যালয়ত জেৰা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰা বৃহস্পতিবাৰে দ্বিতীয় দিনাও উপস্থিত হয়। বুধবাৰে নিশা প্ৰায় ১০ ঘণ্টীয়া জেৰা চলাৰ পিছত তেওঁক যাবলৈ অনুমতি দিয়া হৈছিল।

উল্লেখ্য যে, পৱন খেৰা কাৰ্যালয়ৰ পৰা ওলাই নোযোৱা পৰ্যন্ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে গুৱাহাটীৰ ক্রাইম ব্রাঞ্চ কাৰ্যালয়ৰ বাহিৰত অপেক্ষা কৰি আছিল । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনিখন বিদেশী পাছপ’ৰ্ট ৰখাৰ অভিযোগ উত্থাপন কৰা ঘটনাক কেন্দ্ৰ কৰি পৱন খেৰাক জেৰাৰ বাবে তলব কৰা হৈছে।

ক্রাইম ব্রাঞ্চ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত পৱন খেৰাই কয় যে ন্যায়পালিকাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু তেওঁ তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়াব। বুধবাৰে জেৰা চলাকালীন তেওঁক চাহৰ সৈতে অসমৰ পেড়া খুৱোৱা হৈছিল। এই সন্দৰ্ভত কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি ওলাই অহাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ পেড়া অতি সুস্বাদু ।

উল্লেখযোগ্য যে, গুৱাহাটীত এখন সংবাদমেলত অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা পৱন খেৰা আত্মগোপন কৰি ফুৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল । মুখ্যমন্ত্ৰীৰ পত্নীয়ে অভিযোগসমূহ মিছা বুলি দাবী কৰি ক্রাইম ব্রাঞ্চত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছত আৰক্ষীৰ এটা দলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দিল্লীলৈ যোৱাৰ সময়তে তেওঁ আত্মগোপন কৰিছিল বুলি জানিব পৰা যায়।

ইয়াৰ মাজতে পৱন খেৰাই আগতীয়া জামিনৰ বাবে প্ৰথমে তেলেংগানা উচ্চ ন্যায়ালয় আৰু পিছত উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। অৱশ্যে, উচ্চতম ন্যায়ালয়ে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন জনাবলৈ পৰামৰ্শ দিয়ে। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে পৱন খেৰাক আগতীয়া জামিন প্ৰদান কৰাৰ লগতে কেইবাটাও চৰ্ত আৰোপ কৰিছে। সেই অনুসৰিয়েই আজি পুনৰ তেওঁ ক্রাইম ব্রাঞ্চ কাৰ্যালয়ত উপস্থিত হয়।

------------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande