
গুৱাহাটী, ১৪ মে’ (হি.স.)। অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিষয়ত কংগ্ৰেছ আৰু বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰি ভোট বেংকৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
দিলীপ শইকীয়াই কয় যে ইউচিচিৰ বিৰোধিতা কৰি কংগ্ৰেছসহ বিৰোধী দলসমূহে ভৱিষ্যতে এতিয়ালৈকে লাভ কৰি অহা মিঞা ভোট হেৰুৱাব। তেওঁ কয় যে একাধিক ৰাজনৈতিক বিপৰ্যয়ৰ পিছতো বিৰোধীয়ে এতিয়াও ৰাইজৰ মনৰ কথা বুজিবলৈ ব্যৰ্থ হৈছে।
তেওঁ কটাক্ষ কৰি কয়, “নাও বুৰিলেও তেওঁলোকে টিনৰ পৰা নামিব নোখোজে।”
শইকীয়াই অভিযোগ কৰে যে ৰাজনৈতিক পৰাজয়ৰ পিছতো বিৰোধীয়ে জনমতক গুৰুত্ব দিব পৰা নাই। তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইউচিচিৰ বিৰোধিতা কৰি কেৱল ভোট বেংকৰ ৰাজনীতি কৰি আছে ।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ