
ধুবুৰী, ১৪ মে’ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে । বলদমাৰাত যোৱা কালি বুধবাৰে নিশা অভিযান চলাই ড্ৰাগছসহ আটক কৰে দুই সৰবৰাহকাৰী । ধৃত সৰ্বৰাহকাৰী দুজন ক্ৰমে ৰফিকুল ইছলাম খান আনজন জয়নাল আবেদিন।
ইয়াৰে ৰফিকুল ইছলাম খান পেছাত উকীল বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰী দুজন পৰা ৫টা ড্ৰাগছ ভৰ্তি কইন্টানাৰ জব্দ কৰা হৈছে । জব্দকৃত ড্ৰাগছ খিনিৰ ওজন প্ৰায় ৫:১০গ্ৰাম বুলি কোৱা হৈছে । সৰৰাহকাৰী দুজনক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ