
ধুবুৰী, ১৪ মে’ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰত যোৱা কালি বুধবাৰে নিশা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে । অভিযানত চহৰ খনৰ ৭ নম্বৰ ৱাৰ্ডত নিচাজাতীয় দ্ৰব্যসহ এজন সৰবৰাহকাৰীক আটক কৰা হয় । ধৃত সৰবৰাহকাৰী জন ৭ নম্বৰ ৱাৰ্ডৰ বাসিন্দা ছফিকুল ইছলাম ওৰফে সাকাল বুলি জানিব পৰা গৈছে।
বিলাসীপাৰা থানাৰ নগৰ উপ পৰিদৰ্শক আৰু ৰাইডাৰ্ছ পাৰ্টিৰ নেতৃত্বত চলিছিল এই অভিযান । ধৃত সৰবৰাহকাৰী জনে বিলাসীপাৰা চহৰৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি নিচাজাতীয় দ্ৰব্য আৰু ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰী জনক বিলাসীপাৰা আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ