নলবাৰীৰ ঘগ্ৰাপাৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত দুই ডকাইতক কৰায়ত্ব কৰাৰ পিছত আজি স্বাস্থ্য পৰীক্ষা কৰা হয়
নলবাৰী, ১৪ মে (হি.স.)। নলবাৰীৰ ঘগ্ৰাপাৰত কালি নিশা সংঘটিত ডকাইতি কাণ্ডত জড়িত দুই ডকাইতক কৰায়ত্ব কৰাৰ পিছত আজি স্বাস্থ্য পৰীক্ষা কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথত আতঙ্কৰ সৃষ্টি কৰা দুই দুধৰ্ষ ডকাইত আহিছিল বহিঃৰাজ্যৰ পৰা। উল্লেখ্য যে নলবাৰী জিলা ন্যায়
নলবাৰীৰ ঘগ্ৰাপাৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত দুই ডকাইতক কৰায়ত্ব কৰাৰ পিছত আজি স্বাস্থ্য পৰীক্ষা কৰা হয়


নলবাৰী, ১৪ মে (হি.স.)। নলবাৰীৰ ঘগ্ৰাপাৰত কালি নিশা সংঘটিত ডকাইতি কাণ্ডত জড়িত দুই ডকাইতক কৰায়ত্ব কৰাৰ পিছত আজি স্বাস্থ্য পৰীক্ষা কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথত আতঙ্কৰ সৃষ্টি কৰা দুই দুধৰ্ষ ডকাইত আহিছিল বহিঃৰাজ্যৰ পৰা। উল্লেখ্য যে নলবাৰী জিলা ন্যায়াধীশ নীতেশ শৰ্মাই কৰ্তব্য সম্পাদন কৰি ঘৰলৈ গৈ থকা অৱস্থাত দুই হিন্দীভাষী ডকাইতে বাট আগছি ধৰি ডকাইতিৰ অপচেষ্টা কৰাৰ লগতে ন্যায়াধীশ গৰাকীক মাৰধৰ কৰে। পিছত ন্যায়াধীশ গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক ওলাই আহি খেদি খেদি দুই ডকাইতক কৰায়ত্ত্ব কৰি গতাই দিছিল ঘগ্ৰাপাৰ আৰক্ষীক।

জানিব পৰা মতে ৫ জনীয়া ডকাইতৰ দলটো আহিছিল এখন চাৰিচকীয়া বাহনত৷ ঘগ্ৰাপাৰ থানাৰ সমীপতে পূৰ্বৰ পৰা পিছা কৰি খাপ পিতি থকা ডকাইতৰ দলে ন্যায়াধীশ গৰাকীক আগচি ধৰি ডকাইতিৰ অপচেষ্টা কৰিছিল। পিছত স্থানীয় লোক ওলাই অহাৰ লগে লগে ডকাইতৰ গেংটোৰ তিনি ডকাইতে বাহন লৈ পলায়ন কৰে যদিও দুই ডকাইতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দ খাৱৈত জাপ দিয়ে৷

ইফালে উপস্থিত ৰাইজে মেটেকাৰে পৰিপূৰ্ণ পিটনি খনৰ পৰা দুয়ো গৰাকী ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি ধৃত দুই ডকাইত ঘগ্ৰাপাৰ আৰক্ষী থানাত৷ । নলবাৰী ঘগ্ৰাপাৰত কৰায়ত্ব কৰা দুই ডকাইতৰ ঘৰ বহিঃৰাজ্যত বুলি জানিব পৰা গৈছে। ধৃত ডকাইত দুটা হল ঝাৰখণ্ডৰ

ৰিতেশ কুমাৰ আৰু উত্তৰ প্ৰদেশৰ মহেশ কুমাৰ।

আৰক্ষীয়ে ৪৪/২৬ নম্বৰত গোচৰ ৰুজু কৰি সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সম্প্ৰতি দুই ডকাইতৰ

স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande