নলবাৰী মহাবিদ্যালয়ত বহিছে এখন বিশেষ বজাৰ
নলবাৰী, ১৪ মে (হি.স.)। নলবাৰী মহাবিদ্যালয়ত বহিছে এখন বিশেষ বজাৰ। নলবাৰী মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত বহা এখন বিশেষ বজাৰত হৈছে গ্ৰাহকৰ ভিৰ৷ এই বিশেষ বজাৰ খনে লাভ কৰিছে গ্ৰাহকৰ মাজত সমাদৰ ৷ “বহাগেই বতৰ কিজানি....” শীৰ্ষক নামেৰে নলবাৰী মহাবিদ্যালয়
নলবাৰী মহাবিদ্যালয়ত বহিছে এখন বিশেষ বজাৰ


নলবাৰী, ১৪ মে (হি.স.)। নলবাৰী মহাবিদ্যালয়ত বহিছে এখন বিশেষ বজাৰ। নলবাৰী মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত বহা এখন বিশেষ বজাৰত হৈছে গ্ৰাহকৰ ভিৰ৷ এই বিশেষ বজাৰ খনে লাভ কৰিছে গ্ৰাহকৰ মাজত সমাদৰ ৷ “বহাগেই বতৰ কিজানি....” শীৰ্ষক নামেৰে নলবাৰী মহাবিদ্যালয়ত আজি এইদৰে ছাত্ৰ একতা সভাই আয়োজন কৰে বসন্ত উৎসৱ, ২০২৬ ।

বহাগেই বতৰ কিজানি...বসন্ত উৎসৱক কেন্দ্ৰ কৰি উখলমাখল নলবাৰী মহাবিদ্যালয় প্ৰাংগণ৷ আজিৰ এই বসন্ত উৎসৱত আয়োজন কৰা হয় ছাত্ৰ ছাত্ৰী সকলৰ মাজত বহু বিপনী৷ আন্তঃ মহাবিদ্যালয় ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলৰ সকলৰ হাতৰ দ্বাৰা তৈয়াৰী হস্তশিল্প আৰু খাদ্য-বস্তুৰ ক্ষুদ্ৰ বিপনীত গ্ৰাহকৰ ভিৰকলৈ আনন্দিত ছাত্ৰছাত্ৰী সকল৷ পুৱা ১০ বজাৰ পৰা ৪ বজালৈ আয়োজন কৰা বসন্ত উৎসৱত গীত নৃত্যৰে জীপাল হৈ পৰে নলবাৰী মহাবিদ্যালয় প্ৰাংগণ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande