নগৰবেৰাৰ পৰা জামলাই হৈ হেকৰা লৈ যোৱা পকী পথছোৱাত সকলো ধৰণৰ যান-বাহন চলাচলত নিষেধাজ্ঞা
নগৰবেৰাৰ পৰা জামলাই হৈ হেকৰা লৈ যোৱা পকী পথছোৱাত সকলো ধৰণৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে লোকনিৰ্মাণ বিভাগে।
নগৰবেৰাৰ পৰা জামলাই হৈ হেকৰা লৈ যোৱা পকী পথছোৱাত সকলো ধৰণৰ যান-বাহন চলাচলত নিষেধাজ্ঞা


কামৰূপ, ১৪ মে’ (হি.স.): কামৰূপ জিলাৰ নগৰবেৰাৰ পৰা জামলাই হৈ হেকৰা লৈ যোৱা পকী পথছোৱাত সকলো ধৰণৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে লোকনিৰ্মাণ বিভাগে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পকী পথটোৰ জামলাই পকী দলং খনৰ এটা মূৰত অত্যধিক বোকাময় হৈ পৰাত যান বাহন চলাচল কৰিব পৰা নাই। পথটোৰ ওপৰত বোকা জমা হৈ পৰাৰ বাবে অত্যধিক পিছল পৰিছে । এনে পৰিস্থিতিত বাহন চলাচল বিপজ্জনক হৈ পৰিছে। আৱদ্ধ হৈ পৰিছে বাহনসমূহ। বাহন চলাচল কৰিব নোৱাৰাৰ বাবেই চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে শ শ যাত্ৰী উভতি যাব লগীয়া হৈছে।

উল্লেখ্য যে, বৰো ধান চপোৱাৰ সময়ত পথটোত ট্ৰেক্টৰ চলাচল কৰাত অত্যধিক বোকাময় হৈ পৰিছে পথছোৱা। জানিব পৰা মতে বকো-ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছৰ নিৰ্দেশত পথটো পৰিস্কাৰ কৰি পুনৰ যাতায়াত কৰাৰ চেষ্টা চলাইছে লোকনিৰ্মাণ বিভাগে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande