চিকিৎসা আৰু ধনৰ অভাৱত মৃত্যুৰ সৈতে যুঁজিছে পলাশবাৰীৰ সৰপাৰাৰ সব্যা মজুমদাৰ
কামৰূপ ১৪ মে (হি.স.)। এফালে মৰ্মান্তিক ব্যাধি, আনফালে চৰম দৰিদ্ৰতা। এই দুই দুৰ্যোগৰ মাজত আৱদ্ধ হৈ এতিয়া মৃত্যুৰ ক্ষণ গণিছে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰপাৰা গাঁৱৰ নিবাসী সব্যা মজুমদাৰে। জটিল বৃক্কৰ ৰোগত (কিডনীৰ টিউমাৰ) আক্ৰান্ত হৈ ৬০ বছৰীয়া সব্
চিকিৎসা আৰু ধনৰ অভাৱত মৃত্যুৰ সৈতে যুঁজিছে পলাশবাৰীৰ সৰপাৰাৰ সব্যা মজুমদাৰ


কামৰূপ ১৪ মে (হি.স.)। এফালে মৰ্মান্তিক ব্যাধি, আনফালে চৰম দৰিদ্ৰতা। এই দুই দুৰ্যোগৰ মাজত আৱদ্ধ হৈ এতিয়া মৃত্যুৰ ক্ষণ গণিছে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰপাৰা গাঁৱৰ নিবাসী সব্যা মজুমদাৰে। জটিল বৃক্কৰ ৰোগত (কিডনীৰ টিউমাৰ) আক্ৰান্ত হৈ ৬০ বছৰীয়া সব্যা মজুমদাৰৰ অৱস্থা বৰ্তমান অতি সংকটজনক। জৰুৰীকালীনভাৱে উন্নত চিকিৎসাৰ প্ৰয়োজন, কিন্তু হাতত নাই ফুটা পইচাও।নিয়তিৰ নিষ্ঠুৰ পৰিহাস যে এই দুৰ্ভগীয়া দম্পতীৰ কোনো সন্তান নাই।

আনকি মূৰ গুজিবলৈ নিজাকৈ অকণো মাটি-ভেটিও নাই। স্বামী ভাবিত মজুমদাৰ আৰু পত্নী সব্যা মজুমদাৰৰ এই সংসাৰখনলৈ এতিয়া নামি আহিছে চৰম অন্ধকাৰ। চিকিৎসাৰ বাবে প্ৰয়োজনীয় বৃহৎ পৰিমাণৰ ধন যোগাৰ কৰাটো এই অতি দৰিদ্ৰ পৰিয়ালটোৰ বাবে অসম্ভৱ হৈ পৰিছে। উপযুক্ত চিকিৎসাৰ অভাৱত দিনক দিনে সব্যা মজুমদাৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।

অসহায় পত্নী সব্যা মজুমদাৰে চকুৰ পানী টুকি এতিয়া অসমবাসী হৃদয়বান ৰাইজৰ ওচৰত সহায়ৰ ভিক্ষা মাগিছে। আপোনাৰ অলপমান আর্থিক সহায়ে হয়তো এই অসহায় মানুহজনক নতুন জীৱন দান কৰিব পাৰে। এটি জীৱন ৰক্ষা কৰাৰ বাবে পৰিয়ালটোৱে তলৰ বেংক একাউণ্ট আৰু ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে–ঠিকনা: গাঁও- সৰপাৰা, পলাশবাৰী যোগাযোগৰ নম্বৰ: 8486423408এজন সতীৰ্থ অসমীয়াক মৃত্যুৰ মুখৰ পৰা কাঢ়ি আনিবলৈ আপোনাৰ সামৰ্থ্য অনুসৰি কিঞ্চিত বৰঙণি আগবঢ়াওক। আপোনাৰ সৰু সৰু সহায়েৰে গঢ়ি উঠিব পাৰে এটা জীৱন ৰক্ষাৰ বৃহৎ সম্বল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande