
ইম্ফল, ১৪ মে’ (হি.স.)। মণিপুৰৰ কাংপকপি জিলাৰ কুকি-জো প্ৰধান অঞ্চলত এম্বুছত তিনিজন গীৰ্জাৰ সদস্য নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হোৱাৰ পিছতে ব্যাপক প্ৰতিবাদ অব্যাহত আছে ।
মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে বৃহস্পতিবাৰে এক আনুষ্ঠানিক বিবৃতিত জনোৱা মতে, যোৱা ১৩ মে’ত কাংপোকপি জিলাৰ নিউ কেইথেলমানবি থানাৰ অধীনস্থ সাহিবুং গাঁৱৰ সমীপত অচিনাক্ত বন্দুকধাৰীয়ে পাৰ হৈ যোৱা দুখন বাহনত অপ্ৰৰোচিতভাৱে গুলীচালনা কৰাৰ ফলত তিনিজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয়।
এই অপৰাধৰ সৈতে জড়িত লোকসকলক আটক কৰিবলৈ নিৰাপত্তা বাহিনীয়ে আশে-পাশে থকা অঞ্চলত কৰ্ডন আৰু তালাচী অভিযান আৰম্ভ কৰিছে।
এই ঘটনাই ক্ষতিগ্ৰস্ত অঞ্চলত ব্যাপক প্ৰতিবাদ আৰু ক্ষোভৰ সৃষ্টি কৰিছে। মণিপুৰৰ কুকি ইনপি নামৰ সৰ্ববৃহৎ কুকি-জো ধৰ্মীয় সংগঠনটোৱে গীৰ্জাৰ সদস্যসকলৰ ওপৰত কৰা এই মাৰাত্মক আক্ৰমণক তীব্ৰ গৰিহণা দি ইয়াক “শান্তিৰ ওপৰত নিজেই আক্ৰমণ” বুলি অভিহিত কৰিছে। কাংপকপিৰ কুকি-জো গীৰ্জাৰ সদস্যক হত্যা কৰাৰ পিছতে ব্যাপক প্ৰতিবাদ। কুকি সংগঠনসমূহে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
উল্লেখযোগ্য যে যোৱা নিশা মণিপুৰৰ কাংপকপিস্থিত জিলা চিকিৎসালয়খনৰ বাহিৰত হাজাৰ হাজাৰ লোক সমবেত হৈ এম্বুছত নিহতসকলৰ মৃতদেহ সংগ্ৰহ কৰে। গোটেই নিশা চিকিৎসালয়ৰ বাহিৰত মানুহ গোট খাই প্ৰাৰ্থনা কৰা দেখা গ’ল। এই হত্যাকাণ্ডৰ প্ৰতিবাদত মণিপুৰৰ কুকি ইনপিয়ে কুকি-জো প্ৰধান অঞ্চলত ৪৮ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে বুধবাৰে সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙে শিজা হাস্পতাল পৰিদৰ্শন কৰি কাংপকপি আক্ৰমণৰ বলি হোৱা লোকসকলৰ সৈতে সাক্ষাৎ কৰি এই আক্ৰমণক গৰিহণা দিয়ে। তেওঁ অপৰাধীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।
ইফালে মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনে তিনিজন লোকৰ ওপৰত হোৱা নৃশংস আক্ৰমণ কোনো কাৰণতে ন্যায্য হ’ব নোৱাৰে বুলি উল্লেখ কৰি কাংপকপিত হোৱা হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে। থাদৌ গীৰ্জাৰ সদস্যসকলৰ ওপৰত হোৱা নৃশংস আক্ৰমণৰ পিছতে মণিপুৰৰ বিধায়কসকলে ন্যায়ৰ দাবী উত্থাপন কৰি সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।
ইউনাইটেড নগা কাউন্সিলে থাদৌ বেপ্টিষ্ট এছ’চিয়েশ্যনৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দি দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইফালে ভাৰতীয় কেথলিক বিচপ সন্মিলনেও মণিপুৰত বেপ্টিষ্ট শ্ৰমিকৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে।
এই ঘটনাৰ বাবে জেলিয়াংৰং ইউনাইটেড ফ্ৰণ্টক জগৰীয়া কৰিছে কুকি ইনপিয়ে। এই অভিযোগৰ মাজতে জেলিয়াংৰং ইউনাইটেড ফ্ৰণ্টে কাংপকপি আক্ৰমণৰ সন্দৰ্ভত কুকি ইনপিৰ অভিযোগক “ভিত্তিহীন” বুলি অভিহিত কৰি নাকচ কৰিছে।
মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতি আৰু উত্তেজনাৰ মাজতে কাংপকপি কাণ্ডই পুনৰবাৰ জনমতৰ মতানৈক্যৰ ব্যৱধান বহল কৰি তুলিছে। অৱশ্যে সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ গধুৰ নিয়োগ কৰা হৈছে। এই আক্ৰমণত নিহতসকলৰ শেষ ৰীতি-নীতি আজি সম্পন্ন কৰা হ'ব বুলি বিশ্বাস কৰা হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ