
দৰং, ১৪ মে (হি.স.)। মঙ্গলদৈত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। মঙ্গলদৈ ভেবাৰঘাট কৃষ্টি সংঘৰ বাকৰিত অনুষ্ঠিত হয় উক্ত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ সৈতে সংগতি ৰাখি শোভাযাত্ৰা উলিয়াই। শোভাযাত্ৰাত দৰঙৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।
দৰং জিলাৰ বহু কেইখন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এই সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
শোভাযাত্ৰাৰ শুভাৰম্ভণী কৰে জিলা আয়ুক্ত আয়ুসী জৈনে। উল্লেখযোগ্য যে এই বিহু বাকৰিৰ পৰাই আছুই দৰঙৰ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা