নিৰ্বাচনৰ পিছৰ হিংসাত্মক গোচৰৰ শুনানিৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে হাজিৰ মমতা বেনাৰ্জী,
কলকাতা, ১৫ মে’(হি.স.)। নিৰ্বাচনৰ পিছৰ হিংসাৰ সৈতে জড়িত গোচৰৰ শুনানিৰ বাবে বৃহস্পতিবাৰে কলিকতা উচ্চ ন্যায়ালয়ত উপস্থিত হয় পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। উকীলৰ সাজ-পোছাক পৰিধান কৰি আদালত চৌহদত হাজিৰ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাক
ममता बनर्जी


কলকাতা, ১৫ মে’(হি.স.)। নিৰ্বাচনৰ পিছৰ হিংসাৰ সৈতে জড়িত গোচৰৰ শুনানিৰ বাবে বৃহস্পতিবাৰে কলিকতা উচ্চ ন্যায়ালয়ত উপস্থিত হয় পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। উকীলৰ সাজ-পোছাক পৰিধান কৰি আদালত চৌহদত হাজিৰ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।

পুৱা প্ৰায় ১১ বজাত হঠাৎ উচ্চ ন্যায়ালয়ৰ চৌহদত উপস্থিত হয় মমতা বেনাৰ্জী। ক’লা গাউন পৰিধান কৰি মমতা বেনাৰ্জীয়ে আদালতত উপস্থিত থকা ৰাইজ আৰু অধিবক্তাৰ মাজত আলোড়নৰ সৃষ্টি কৰে। খবৰ অনুসৰি নিৰ্বাচনৰ পিছৰ হিংসাৰ সৈতে জড়িত জনস্বাৰ্থৰ মামলাত নিজৰ যুক্তি দাঙি ধৰিবলৈ আহিছিল।

এই গোচৰটো মুখ্য ন্যায়াধীশ সুজয় পাল আৰু ন্যায়াধীশ পাৰ্থসাৰথি সেনৰ বিভাগীয় বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। এই বিষয়ত যুক্তি দাখিল কৰিবলৈ মমতা বেনাৰ্জীয়ে আদালতত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

ৰাজ্যত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিভিন্ন ক্ষেত্ৰত হিংসাত্মক পৰিস্থিতি আৰু উত্তেজনাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীৰ পুত্ৰ তথা অধিবক্তা শিৰ্ষমণ্য বেনাৰ্জীয়ে কলিকতা উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰিছে।

শুনানি আৰম্ভ হোৱাৰ পূৰ্বেই আদালতৰ কক্ষত উপস্থিত হয় মমতা বেনাৰ্জী। উচ্চ ন্যায়ালয়ত তেওঁৰ উপস্থিতিয়ে ৰাজনৈতিক আৰু আইনী মহলত যথেষ্ট আলোচনাৰ সৃষ্টি কৰিছিল। ইয়াৰ পূৰ্বে এছ আই আৰ গোচৰৰ শুনানিৰ সময়ত তেওঁ উচ্চতম ন্যায়ালয়তো হাজিৰ হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande