বহিৰাজ্যত পুনৰ অসমীয়া যুৱকক নৃশংস হত্যা
চলন্ত ৰেলৰ পৰা ঠেলি পেলাই দিলে দুৰ্বৃত্তই ।
বহিৰাজ্যত পুনৰ অসমীয়া যুৱকক নৃশংস হত্যা


কাৰ্বি আংলং, ১৪ মে’ (হি.স.): বহিৰাজ্যত পুনৰ সংঘটিত হৈছে এক অমানৱীয় তথা মৰ্মান্তিক হত্যাকাণ্ড । এইবাৰ দুৰ্বৃত্তৰ বলি হৈছে কাৰ্বি আংলং জিলাৰ ফুলনি গাঁৱৰ বাসিন্দা সমৰ বৰা (৪৩) নামৰ লোকজন । কৰ্মসূত্ৰে কেৰালালৈ বুলি যাত্ৰা কৰা যুৱকজনক তামিলনাডুত চলন্ত ৰে’লৰ পৰা ঠেলি পেলাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই চাঞ্চল্যকৰ ঘটনাই এতিয়া সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে ফুলনি গাঁৱত তীব্ৰ ক্ষোভ আৰু শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ।

জীৱিকাৰ সন্ধানত যোৱা শনিবাৰে সমৰ বৰাই ডিফু ৰেলৱে ষ্টেচনৰ পৰা অকলেই কেৰালালৈ বুলি ৰে’লত উঠিছিল । ৰে’লখনে তামিলনাডু অতিক্ৰম কৰাৰ সময়তে তেওঁ এক ভয়াৱহ অঘটনৰ মুখত পৰে । প্ৰাথমিক তথ্য অনুসৰি, কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁক চলন্ত ৰে’লৰ পৰা তললৈ ঠেলি পেলাই দিয়ে আৰু থিতাতে তেওঁৰ মৃত্যু হয় । মৃত সমৰ বৰাৰ পৰিয়ালটো অত্যন্ত দৰিদ্ৰ । ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজনক হেৰুৱাই এতিয়া তেওঁৰ পত্নী আৰু সন্তান দিশহাৰা হৈ পৰিছে । আৰ্থিক অনাটনৰ বাবে তামিলনাডুৰ পৰা মৃতদেহটো নিজ গৃহলৈ আনিবলৈ পৰিয়ালটো সম্পূৰ্ণ অপাৰগ ।

অৱশেষত উপায়হীন হৈ সমৰ বৰাৰ শোকাকুল পত্নী আৰু পৰিয়ালৰ লোকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা নৱ নিৰ্বাচিত বিধায়ক ড০ তুলিৰাম ৰংহাঙক মৃতদেহটো ফুলনি গাঁৱৰ নিজ বাসগৃহলৈ আনি দিয়াৰ বাবে চকু পানীৰে কাতৰ আহ্বান জনাইছে । ইফালে চৰকাৰী সাহায্য অবিহনে মৃতদেহটো শেষবাৰৰ বাবে চোৱাটোও পৰিয়ালটোৰ বাবে অসম্ভৱ হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande