
কোকৰাঝাৰ,১৪ মে (হি.স.)। নিৰ্বাচনত জয় হোৱাৰ পিছতেই সমষ্টিবাসীৰ খবৰ লবলৈ ৰাইজৰ কাষত উপস্থিত বিটিচিৰ পাঁচ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আশ্ৰাফুল ইছলাম শেখ।
বিটিচিৰ পাঁচ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলাম শেখ-এ সমষ্টিবাসী ৰাইজৰ সৈতে মত বিনিময় কৰি বিভিন্ন সমস্যা আৰু উন্নয়নমূলক দিশ সন্দৰ্ভত আলোচনা কৰে।সমষ্টিটোৰ পৰা বিপুল ভোটত নিৰ্বাচিত হৈ অহা বিধায়কগৰাকীয়ে সমষ্টিৰ খবৰ লোৱাৰ লগতে ৰাইজৰ সমস্যা সমূহ বুজি লোৱাৰ উদ্দেশ্যে সমষ্টিটোৰ হংশ্ববিল, ভাওৰাগুৰিৰ গৰম বজাৰ, তুলসীবিল,মিলন বজাৰ, গুমা ব্লক কংগ্ৰেছ কাৰ্য্যালয়, চিথিলা ঘোপ, ৰূপসীগাঁওকে ধৰি সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে ভ্ৰমণ অব্যাহত ৰাখিছে।
সমষ্টিটোৰ বিভিন্ন স্থানত সাধাৰণ ৰাইজ, দলীয় কৰ্মী আৰু স্থানীয় গণ্যমান্য ব্যক্তিৰ সৈতে সাক্ষাৎ কৰি তেওঁ অঞ্চলটোৰ উন্নয়নমূলক কাম-কাজ আৰু প্ৰয়োজনীয় পদক্ষেপ সন্দৰ্ভতো আলোচনা কৰে। ইফালে সাধাৰণ ৰাইজে অঞ্চলটোৰ পথ-ঘাট, শিক্ষা, স্বাস্থ্য, পানী যোগান আদি বিভিন্ন সমস্যা বিধায়ক গৰাকীৰ আগত দাঙি ধৰে। বিধায়ক গৰাকীয়ে ৰাইজৰ সমস্যা সমূহ গুৰুত্ব সহকাৰে লৈ আগন্তুক দিনত পৰ্যায়ক্ৰমে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু