
নতুন দিল্লী, ১৪ মে’ (হি.স.)। ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ তথা প্ৰফেচনেল গলফ ট্যুৰ অৱ ইণ্ডিয়া (পিজিটিআই)ৰ সভাপতি কপিল দেৱে বুধবাৰে দিল্লীৰ উপ ৰাজ্যপাল (লেফটেনেণ্ট গৱৰ্ণৰ) তৰণজিৎ সিং সন্ধুৰ সৈতে সাক্ষাৎ কৰে। বৈঠকত ৰাজধানীখনক বিশ্বমানৰ গোলকীয় (বিশ্বব্যাপী) চহৰ হিচাপে গঢ়ি তোলাত গ’ল্ফৰ সম্ভাৱ্য ভূমিকা সম্পৰ্কে বিতংভাৱে চৰ্চা কৰা হয়।
এই বৈঠকত পিজিটিআইৰ মুখ্য কাৰ্যবাহী বিষয়া অমনদীপ জোহালো উপস্থিত থাকে। লেফটেনেণ্ট গৱৰ্ণৰে ৰাজধানীৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু বিশ্বব্যাপী সুনাম সুদৃঢ় কৰাৰ লক্ষ্যৰে দিল্লী চৰকাৰৰ পৰিকল্পনা আৰু পদক্ষেপৰ ওপৰত আলোকপাত কৰে। লগতে তেওঁ কপিল দেৱক এই দিশত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
কপিল দেৱে কয় যে দিল্লীত ইতিমধ্যে গ’ল্ফৰ বিকাশৰ বাবে এক শক্তিশালী ভেটি আছে আৰু ৰাজধানীৰ বিশ্বব্যাপী ভাবমূৰ্তি বৃদ্ধি কৰাত সহায় কৰা যিকোনো পদক্ষেপত তেওঁ নিজৰ সময় আৰু সমৰ্থন আগবঢ়াবলৈ সাজু। তেওঁ জোৰ দি কয় যে ক্ৰীড়া কোনো এখন চহৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি শক্তিশালী কৰাৰ বাবে এক ফলপ্ৰসূ মাধ্যম হ’ব পাৰে।
বৈঠকৰ সময়ত কপিল দেৱে লেফটেনেণ্ট গৱৰ্ণৰক শিখ গুৰুদ্বাৰৰ ওপৰত এখন বিশেষ গ্ৰন্থও উপহাৰ দিয়ে, যিখন গ্ৰন্থ তেওঁৰ বাবে অতি বিশেষ বুলি অভিহিত কৰে।
চৰ্চাত দিল্লীৰ প্ৰধান গ’ল্ফ চেণ্টাৰসমূহৰ ওপৰতো আলোকপাত কৰা হয়। ইয়াৰ ভিতৰত আছিল দিল্লী গ’ল্ফ ক্লাব, য’ত প্ৰতিষ্ঠিত ইণ্ডিয়া চেম্পিয়নশ্বিপ আয়োজন কৰা হয় আৰু বিশ্বৰ বহু প্ৰখ্যাত গলফাৰে ইয়াত অংশগ্ৰহণ কৰে। তদুপৰি শেহতীয়াকৈ কুতুব গলফ খেলপথাৰত পিজিটিআই প্লেয়াৰ্ছ চেম্পিয়নশ্বিপৰ সফল আয়োজন কৰা হৈছে। দিল্লী উন্নয়ন কৰ্তৃপক্ষই চলাই থকা দ্বাৰকাত প্ৰস্তাৱিত নতুন গ’ল্ফ উন্নয়ন প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হয়।
অমনদীপ জোহলে কয় যে ভাৰতীয় গ’ল্ফৰ বিকাশত দিল্লীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে বৰ্তমানৰ সুবিধা আৰু নতুন প্ৰকল্পই ৰাজধানীখনক পেছাদাৰী গ’ল্ফ প্ৰতিযোগিতাৰ বাবে এক বৃহৎ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰে। বৈঠকত ক্ৰীড়া, পৰ্যটন, আতিথ্য আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহক একত্ৰিত কৰি দিল্লীক বিশ্ব ক্ৰীড়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনাও বিবেচনা কৰা হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ