কলগাছিয়াৰ সাওঁৰাচৰা গাঁৱত বেঁকী নদীৰ ভয়ংকৰ খহনীয়া
বৰপেটা, ১৪ মে (হি.স.)। কলগাছিয়াৰ সাওঁৰাচৰা গাঁৱত বেঁকী নদীৰ ভয়ংকৰ খহনীয়া। গৃহহীন বহু পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম এখন প্ৰাথমিক বিদ্যালয় ৷ চৰকাৰৰ সুদৃষ্টি কামনা ৰাইজৰ ৷ বিগত চাৰিটা বছৰে গাও খনৰ এক হাজাৰৰ অধিক পৰিয়া
কলগাছিয়াৰ সাওঁৰাচৰা গাঁৱত বেঁকী নদীৰ ভয়ংকৰ খহনীয়া


বৰপেটা, ১৪ মে (হি.স.)। কলগাছিয়াৰ সাওঁৰাচৰা গাঁৱত বেঁকী নদীৰ ভয়ংকৰ খহনীয়া। গৃহহীন বহু পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম এখন প্ৰাথমিক বিদ্যালয় ৷ চৰকাৰৰ সুদৃষ্টি কামনা ৰাইজৰ ৷

বিগত চাৰিটা বছৰে গাও খনৰ এক হাজাৰৰ অধিক পৰিয়ালৰ ভেটি-মাটি নৈ খনৰ বুকুত জাহ গৈছে যদিও চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা ৷ যাতায়তৰ ক্ষেত্ৰতো চৰম অসুবিধাৰ সমুখীন হৈছে নৈ পৰীয়া অঞ্চলৰ স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও সৰ্বসাধাৰণ ৰাইজ ৷ ইপিনে ১০৯৫ নং সাওৰাচৰা জনপ্ৰিয় প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিও আহিছে খহনীয়াৰ তীব্ৰ ভাবুকি ৷

খহনীয়া প্ৰতিৰোধৰ বাবে সাংসদ ৰকিবুল হুছেইনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উথাপিত হৈছে ৷ এইক্ষেত্ৰত নৈ খনৰ খহনীয়া প্ৰতিৰোধৰ বাবে নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত মামাৰ দৃষ্টিগোচৰ কামনা কৰিছে ভুক্তভোগী লোক সকলে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande