জাগীৰোডত তেলৰ টেংকাৰত উদ্ধাৰ ২৪ টা চোৰাং গৰু
জাগীৰোডত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান
জাগীৰোডত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান


জাগীৰোডত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান


মৰিগাঁও, ১৪ মে’ (হি.স.)। ৰাজ্য়ত অব্য়াহত আছে চোৰাং পশুধনৰ অবৈধ সৰৱৰাহ। ইয়াৰ মাজতে জাগীৰোডত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় চোৰাং গৰু। এখন তেলৰ টেংকাৰত উদ্ধাৰ কৰা হৈছে ২৪ টাকৈ চোৰাং গৰু ।

জানিব পৰামতে, জাগীৰোড আৰক্ষীয়ে জব্দ কৰে এএছ ০৫ চি ১০৩৪ নম্বৰৰ তেলৰ টেংকাৰখন। তালাচীৰ সময়ত টেংকাৰখনত পশুধনসমূহ ওলাই পৰে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰাবাটলৈ সৰবৰাহ কৰিছিল চোৰাং গৰুসমূহ। এই সন্দৰ্ভত তিনিজন লোকক আটক কৰা হৈছে। আটকাধীন গৰু সৰবৰাহকাৰী কেইটা ক্ৰমে লক্ষীমপুৰৰ মঃ চৰিফুল আলী, মঃ আলালুদ্দিন আৰু নগাঁৱৰ মঃ মোজাম্মিল হক বুলি পৰিচয় পোৱা গৈছে।

উল্লেখ্য় যে অসমৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাই থকা অভিযানত চোৰাং গৰু সৰবৰাহ কৰা বাহন জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ ৰূপহীহাট, কামপুৰ, গোৱালপাৰা আৰু উত্তৰ গুৱাহাটীত অবৈধভাৱে মেঘালয়লৈ নি থকা বহুসংখ্যক গৰু ভৰ্তি বাহন আৰক্ষীয়ে জব্দ কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande