

মৰিগাও, ১৪ মে (হি.স.)। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল জাগীৰোডৰ সিন্ধিশৰ। চেটেলাইট চিটি নিৰ্মাণৰ বাবে জাগীৰোডৰ সিন্ধিশৰত চলিছে জৰীপ ৷ চৰকাৰী এই জৰীপক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ চেটেলাইট চিটি নিৰ্মাণৰ নামত তিৱা, বড়ো, কাৰ্বি, গোৰ্খা আদি জনগোষ্ঠীয় লোকসকলে যুগযুগ ধৰি বসবাস কৰি অহা ভূমিত উচ্ছেদ চলাব চৰকাৰে ৷ সেয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হয় ৰাজহুৱা জনজাগৰণ সভা ৷
সভাত খিলঞ্জীয়া বনবাসী লোকক কোনো কাৰণত উচ্ছেদ কৰিবলৈ দিয়া নহ’ব বুলি সকিয়াই দিয়ে ৷ আনহাতে স্বাধীনতাৰ পূৰ্বৰে পৰা ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি অহা জাগীৰোডৰ বিভিন্ন অঞ্চলৰ জনজাতীয় লোক সকলে ভোগ দখল কৰি অহা ভূমি কোনোপধ্যে এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাত ৷ অন্যথা খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আগন্তুক দিনত অসম বন্ধ আৰু ৰাজপথ অৱৰোধৰ দৰে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সকলোৱে ৷ উল্লেখ্য যে, ২০১০ চনতে অসম চৰকাৰৰ ভূমি আইন অনুসৰি ভূমিৰ অধিকাৰ প্ৰদান কৰিছিল এইসকল জনগোষ্ঠীয় লোকক ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar