আমিনগাঁৱত ২১ কোটিতকৈ অধিক মূল্যৰ হেৰ’ইন-আফিম জব্দ, পাঁচ ড্ৰাগছ সৰবৰাহকাৰী আটক
২১ কোটিতকৈ অধিক মূল্যৰ হেৰ’ইন-আফিম জব্দ, পাঁচ ড্ৰাগছ সৰবৰাহকাৰী আটক
Image of the Seized Heroin and Opium Worth Over ₹21 Crore in Assam and Five Arrested Accused.


গুৱাহাটী, ১৪ মে’ (হি.স.)। নিৰ্দিষ্ট গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কামৰূপ আৰক্ষীয়ে বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)-ৰ সহযোগত আমিনগাঁৱত এখন বাছত অভিযান চলাই প্ৰায় ২১.৩৬ কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয়। এই অভিযানত পাঁচজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে।

আৰক্ষী সূত্ৰে জনোৱা মতে, মণিপুৰৰ ক্বাক্টা অঞ্চলৰ পৰা এখন বাছযোগে আমিনগাঁও হৈ এখন পাৰ্শ্বৱৰ্তী ৰাজ্যলৈ বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য সৰবৰাহ কৰা হ’ব বুলি তথ্য লাভ কৰা হৈছিল। ইয়াৰ উপৰি, বাছখনত কেৱল সৰবৰাহকাৰীসকলেই যাত্ৰা কৰিব আৰু কোনো সাধাৰণ যাত্ৰী নাথাকিব বুলিও আৰক্ষীয়ে জানিব পাৰিছিল।

ইয়াৰ পিছতে আৰক্ষী আৰু এছটিএফৰ দলটোৱে এখন এএছ ০৬ এচি ৭৫৫৫ নম্বৰৰ বাছখন আমিনগাঁৱত বাধা দি তন্ন তন্নকৈ তালাচী চলায়। তালাচীৰ সময়ত ১৯৭টা চাবোনৰ বাকচৰ ভিতৰত লুকুৱাই ৰখা ২.৫৬১ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয়। লগতে বাছখনৰ গোপন খোপৰ ভিতৰত লুকুৱাই ৰখা প্ৰায় আঠ কিলোগ্ৰাম আফিমো জব্দ কৰা হয়।

আটকাধীন লোককেইজনক আব্দুল লতিফ (৩৩), ম০ তাহেৰ আলী (৩৮), ম০ ইছলামুদ্দিন (৩৮), ম০ লতিপ (৩০) আৰু ম০ আজমেৰ (৩৭) বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে প্ৰথম চাৰিজন মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ক্বাক্টা আৰু ফুচাকখেই অঞ্চলৰ বাসিন্দা, আনহাতে এমডি আজমেৰ ইম্ফল পূব জিলাৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত আন লোকসকলক বিচাৰি উলিওৱাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

----------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande