নগাঁৱৰ নেহৰুবালীত হনুমান মেলা আৰম্ভ
নগাঁৱ, ১৪ মে (হি.স.)। নগাঁৱৰ নেহৰুবালীত হনুমান মেলা আৰম্ভ ৷ নগাঁৱৰ নেহৰুবালীত আজিৰে পৰা আৰম্ভ হৈছে হনুমান মেলা। প্ৰতিবছৰৰ দৰে এইবাৰো হনুমান জয়ন্তীৰ সৈতে সংগতিৰাখি এইবাৰো নেহৰুবালীত একমাহ যোৰাকৈ চলিব লগীয়া উক্ত মেলাখনি আজি সন্ধিয়া আনুষ্ঠানিকভাৱে মুক
নগাঁৱৰ নেহৰুবালীত হনুমান মেলা আৰম্ভ


নগাঁৱ, ১৪ মে (হি.স.)। নগাঁৱৰ নেহৰুবালীত হনুমান মেলা আৰম্ভ ৷ নগাঁৱৰ নেহৰুবালীত আজিৰে পৰা আৰম্ভ হৈছে হনুমান মেলা। প্ৰতিবছৰৰ দৰে এইবাৰো হনুমান জয়ন্তীৰ সৈতে সংগতিৰাখি এইবাৰো নেহৰুবালীত একমাহ যোৰাকৈ চলিব লগীয়া উক্ত মেলাখনি আজি সন্ধিয়া আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাই ৷

উল্লেখ্য যে,আগন্তুক বৰ্ষসমূহৰ দৰে এইবাৰো মেলাখনত কেইবাটাও নতুন নতুন কৌশল প্ৰয়োগেৰে দৰ্শক ৰাইজক আকৰ্ষণৰ বাবে মনোৰঞ্জনৰ ব্যৱস্থা কৰিছে আয়োজক মণ্ডলিয়ে ৷ দেশৰ কেইবা খনো ৰাজ্যৰ পৰা অহা প্ৰায় দুশৰো অধিক বিপনীয়ে অংশগ্ৰহণ কৰা এই মেলাত ঘৰুৱা বিভিন্ন সামগ্ৰীৰ লগতে শিশু সকলৰ খেলাধুলা আৰু মনোৰঞ্জন সুব্যৱস্থা থকা মেলাত এইবাৰৰ মুখ্য আৰ্কষণ হৈছে মেগা জলপৰিৰ জলক্ৰীড়া। আজিৰ এই মুকলি অনুষ্ঠানত নগাঁও পৌৰ মহলাৰ কেইবাগৰাকীও মহলা আয়ুক্ত উপস্থিত থাকে ৷ আজি আৰম্ভণি দিনাই নেহৰুবালীত লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোবা যায় ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande