হাজোত বিশাল সমাৱেশেৰে বিধায়কক ৰাজহুৱা সম্বৰ্ধনা
কামৰূপ, ১৪ মে (হি.স.)। হাজোত বিশাল সমাৱেশেৰে বিধায়কক ৰাজহুৱা সম্বৰ্ধনা। ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ প্ৰৱেশৰ দুবছৰ পাছতেই বিধায়ক হিচাপে নিৰ্বাচিত হোৱা হাজো-শুৱালকুছি সমষ্টিৰ নৱ নিৰ্বাচিত এন ডি এ সমৰ্থিত অগপ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক উষ্ম আদৰ
হাজোত বিশাল সমাৱেশেৰে বিধায়কক ৰাজহুৱা সম্বৰ্ধনা


কামৰূপ, ১৪ মে (হি.স.)। হাজোত বিশাল সমাৱেশেৰে বিধায়কক ৰাজহুৱা সম্বৰ্ধনা। ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ প্ৰৱেশৰ দুবছৰ পাছতেই বিধায়ক হিচাপে নিৰ্বাচিত হোৱা হাজো-শুৱালকুছি সমষ্টিৰ নৱ নিৰ্বাচিত এন ডি এ সমৰ্থিত অগপ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক উষ্ম আদৰণি সমষ্টিবাসীৰ। হাজোৰ নতুন বজাৰ পৰা মাধৱ মন্দিৰ দোমোঠাৰগুৰি প্ৰাংগনলৈ দহ হাজাৰ শুভাকাংক্ষীয়ে শোভাযাত্ৰা কৰি আদৰণি আনে বিধায়ক গৰাকীক।

শোভাযাত্ৰাত বিহু নৃত্য, বড়ো নৃত্য ওজাপালি বৰঢোল বাদন আয়তী নাম প্ৰসংগত উদুলি মুদুলি হৈ পৰে হাজোৰ ৰাজপথ। শোভাযাত্ৰাৰ অন্তত মাধৱ মন্দিৰ দোমোঠাৰগুৰি ৰাজহুৱা মঞ্চত হাজো ৰাইজ সমিতি, হাজো-শুৱালকুছি অগপ সমষ্টি সমিতি ,হাজো আৰু পঞ্চতীৰ্থ বিজেপি মণ্ডল সহিতে শতাধিক অনুস্থান প্ৰতিস্থান ব্যক্তি বিশেষে ৰাজহুৱা সম্বৰ্ধনা জনায় বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক।

ৰাইজৰ অকুণ্ঠ সহাৰি পাই অভিভূত হৈ পৰে বিধায়ক গৰাকী। মঞ্চত উঠিয়ে ৰাইজৰ শ্ৰীচৰণত সেৱা লয় বিধায়ক গৰাকীয়ে। অনাগত দিনত ৰাইজৰ উন্নয়নৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সোনকালে হাজো-শুৱালকুছি সমষ্টিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদৰ হুংকাৰ দিয়ে বিধায়ক গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande