
গুৱাহাটী, ১৪ মে’ (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা-ই প্ৰেৰণ কৰা প্ৰস্তাৱ অনুমোদন জনাই ৰাজ্য মন্ত্ৰীসভাৰ নৱনিযুক্ত সদস্যসকলৰ মাজত বিভাগ বণ্টনত সন্মতি প্ৰদান কৰিছে।
ৰাজভৱনৰ পৰা বৃহস্পতিবাৰে জাৰি কৰা এক চৰকাৰী পত্ৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে ১৪ মে’ ২০২৬ তাৰিখে প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত চাৰিগৰাকী মন্ত্ৰীক বিভাগ আৱণ্টন কৰা হৈছে। অনুমোদিত বিভাগ বণ্টন অনুসৰি ৰামেশ্বৰ তেলী-ক ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, শ্ৰম কল্যাণ আৰু চাহ জনজাতি তথা আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
অতুল বৰা-ক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন আৰু আবকাৰী বিভাগ আৱণ্টন কৰা হৈছে।
ইফালে চৰণ বড়ো-ক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে।
আনহাতে অজন্তা নেওগ-ক মহিলা আৰু শিশু উন্নয়ন তথা পৰ্যটন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰযোগে এই প্ৰস্তাৱত আনুষ্ঠানিক অনুমোদন জনায়।
-----------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ