গোৱালপাৰা ষ্টেট বেংকত চোৰৰ দলৰ তাণ্ডৱ
গোৱালপাৰা, ১৪ মে (হি.স.)। গোৱালপাৰা চহৰত চাঞ্চল্যকৰ ঘটনা। গোৱালপাৰা চহৰৰ ষ্টেট বেংক অৱ ইণ্ডিয়া(এছবিআই)ৰ বজাৰ ব্ৰাঞ্চত নিশাৰ ভিতৰত চোৰৰ দলে তাণ্ডৱ চলোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, গেছ কাটাৰৰ সহায়ত চাতাৰ ভাঙি বেং
গোৱালপাৰা ষ্টেট বেংকত চোৰৰ দলৰ তাণ্ডৱ


গোৱালপাৰা, ১৪ মে (হি.স.)। গোৱালপাৰা চহৰত চাঞ্চল্যকৰ ঘটনা। গোৱালপাৰা চহৰৰ ষ্টেট বেংক অৱ ইণ্ডিয়া(এছবিআই)ৰ বজাৰ ব্ৰাঞ্চত নিশাৰ ভিতৰত চোৰৰ দলে তাণ্ডৱ চলোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, গেছ কাটাৰৰ সহায়ত চাতাৰ ভাঙি বেংকৰ ভিতৰত প্ৰৱেশ কৰে চোৰৰ দলটোৱে।

চোৰৰ দলটোৱে ভিতৰত সোমাই প্ৰথমে বেংকৰ চিচিটিভি ব্যৱস্থা সম্পূৰ্ণৰূপে নষ্ট কৰি লণ্ডভণ্ড কৰে। লগতে বেংকৰ শাখা প্ৰবন্ধক প্ৰণৱ কুমাৰ ৰায়ৰ কম্পিউটাৰৰ হাৰ্ড ডিস্ক খনো লৈ যোৱা বুলি জানিব দিয়ে। বেংকৰ লকাৰ খুলিব নোৱাৰা বাৱে সুৰক্ষিত হৈ থাকে বেংকৰ ধন।

শাখা প্ৰবন্ধক প্ৰণৱ কুমাৰ ৰায়ে জনোৱা মতে, আজি পুৱা বেংকৰ চাফাই কৰ্মী জনে বেংকত উপস্থিত হৈ অস্বাভাৱিক পৰিস্থিতি লক্ষ্য কৰি লগে লগে তেওঁক ফোনযোগে অৱগত কৰে। ইয়াৰ পিছতে বেংকত এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত তৎক্ষণাত আৰক্ষীক খবৰ দিয়া হয়।

খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তদন্তত উক্ত ঘটনাত কমেও ৩ ৰ পৰা ৬ জনীয়া এটা চোৰৰ দল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বেংক কৰ্তৃপক্ষই। বৰ্তমান আৰক্ষীয়ে চোৰৰ দলটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande