ৰঙিয়া ৰে’ল জংচনত বৃহৎ পৰিমানৰ নিষিদ্ধ গাঞ্জা জব্দ
ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমানৰ নিষিদ্ধ গাঞ্জা জব্দ।
ৰঙিয়া ৰে’ল জংচনত বৃহৎ পৰিমানৰ নিষিদ্ধ গাঞ্জা জব্দ


কামৰূপ, ১৪ মে’ (হি.স.): পুনৰ ৰঙিয়া ৰে’ল জংচনত বৃহৎ পৰিমানৰ নিষিদ্ধ গাঞ্জা জব্দ কৰা হৈছে । কিছু দিন পূৰ্বে ৰঙিয়া ৰে'ল জংচনত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ হেৰ'ইন । যোৱা কালি বুধবাৰে নিশাৰ ভাগত পুনৰ নামনি মুৱা ডিব্ৰুগড় লোকামন্যতিলক ৰে’লখনত ৰঙিয়া ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাছীত এজন লোকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।

ধৃত লোকজন বিহাৰৰ ভোজপুৰ জিলাৰ নসদমপুৰ গাওৰ নিতেশ সিং ওৰফে নিহাল বুলি পৰিচয় পোৱা গৈছে । ধৃত নিতেশ সিং ওৰফে নিহালৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰে ৬ টা পেকেটত ৫৬ কেজি নিষিদ্ধ গাঞ্জা । নিতিশ সিঙে মৰিয়নীৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিছিল নিষিদ্ধ গাঞ্জাখিনি । উল্লেখ্য যে যোৰহাটৰ পুলিবৰ ডেকাগাঁৱত সৰুৰে পৰা বাস কৰি শিক্ষা গ্ৰহণ কৰিছিল নিতেশ সিং ওৰফে নিহালে । বৰ্তমান ৰঙিয়া ৰে’ল আৰক্ষীৰ জিম্মাত নিতিশে সিং ওৰফে নিহাল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande