নলবাৰীৰ বেলশৰত ভয়ংকৰ অগ্নিকাণ্ড, কথমপি ৰক্ষা পৰিল কেইবাটাও পৰিয়াল
নলবাৰী, ১৪ মে (হি.স.)। নলবাৰীৰ বেলশৰত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে কেইবাটাও পৰিয়াল । বেলশৰৰ থানা চ''ক নিবাসী চাবেৰ আলীৰ গৃহৰ পিচফালে থকা ধান খেৰৰ পুজিত জুইৰ সুত্ৰপাত হোৱাত অঞ্চল জুৰি হাহ
নলবাৰীৰ বেলশৰত ভয়ংকৰ অগ্নিকাণ্ড, কথমপি ৰক্ষা পৰিল কেইবাটাও পৰিয়াল


নলবাৰী, ১৪ মে (হি.স.)। নলবাৰীৰ বেলশৰত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে কেইবাটাও পৰিয়াল । বেলশৰৰ থানা চ'ক নিবাসী চাবেৰ আলীৰ গৃহৰ পিচফালে থকা ধান খেৰৰ পুজিত জুইৰ সুত্ৰপাত হোৱাত অঞ্চল জুৰি হাহাকাৰ ময় পৰিৱেশৰ সৃষ্টি হয় ।

খেৰৰ পুজিৰ কাষতে গৃহস্থই গৰুৰ খাদ্য প্ৰস্তুত কৰি থকা সময়তে অজ্ঞাতে খেৰৰ পুজিত জুই দেখা পাই হুৱা দুৱা লগাত স্থানীয় ৰাইজ উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে আৰু বেলশৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । পিছত বেলশৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ৰাইজৰ সহযোগত কোনো ক্ষতি নহোৱাকৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande