লংকাত ৩১কেজি ৬০০ গ্ৰাম গাঞ্জা সহ এজনক আটক
হোজাই, ১৪মে (হি.স.)। লংকাত ৩১কেজি ৬০০ গ্ৰাম গাঞ্জা সহ এজনক আটক। লংকা গৰু বজাৰৰ পৰা আটক গাঞ্জা সৰবৰাহকাৰী জনক। গোপন সূত্ৰৰ পম খেদি সমজিলা আৰক্ষী অধ্যক্ষ প্লাৱন নাথৰ নেতৃত্বত চলিছিল এই অভিযান। অভিযানত এখন বাইক আৰু গাঞ্জা সহ আটক কৰা হয় অভিৰাম কৰ্
লংকাত ৩১কেজি ৬০০ গ্ৰাম গাঞ্জা সহ এজনক আটক


হোজাই, ১৪মে (হি.স.)। লংকাত ৩১কেজি ৬০০ গ্ৰাম গাঞ্জা সহ এজনক আটক। লংকা গৰু বজাৰৰ পৰা আটক গাঞ্জা সৰবৰাহকাৰী জনক।

গোপন সূত্ৰৰ পম খেদি সমজিলা আৰক্ষী অধ্যক্ষ প্লাৱন নাথৰ নেতৃত্বত চলিছিল এই অভিযান। অভিযানত এখন বাইক আৰু গাঞ্জা সহ আটক কৰা হয় অভিৰাম কৰ্মকাৰ নামৰ গাঞ্জা সৰবৰাহকাৰী জনক।

বাইক খনৰ পঞ্জীয়ন নম্বৰ এএছ ৩১ এ ০৩২১। আটকাধীন গাঞ্জা সৰবৰাহকাৰী অভিৰাম কৰ্মকাৰে গাঞ্জাৰ পেকেট কেইটা ৰাজীৱ নামৰ এজন ব্যক্তিৰ পৰা লৈছিল বুলি সাংবাদিকৰ কেমেৰাৰ আগত স্বীকাৰ কৰে। লগতে ঘটনা সন্দৰ্ভত আটকাধীন লোকজনক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande