
তিনিচুকিয়া, ১৪ মে (হি.স.)। হত্যাকাণ্ডৰ অনুসন্ধান কৰাৰ বাবে ডিগবৈত গাত খান্দি উলিয়ালে মৃতদেহ। ডিগবৈৰ গোপনাৰী হাবি গাওঁত নৃশংস হত্যাকাণ্ড।
বিশ্বজিত কুৰ্মী নামৰ লোকজনে হত্যা কৰিলে ১নং চোট হাপজান ৰেল লাইনৰ কাষৰীয়া অঞ্চলৰ নিবাসী বিলালুদ্দিন ওৰফে জাকিৰ হুছেইনক।
উল্লেখ্য যে বিগত ১০মে তাৰিখৰ পৰা নিৰূদ্দেশ হৈ আছিল তিনিচুকীয়া জিলাৰ ১নং চোট হাপজানৰ ৰেল লাইনৰ কাষৰীয়া অঞ্চলৰ নিবাসী বিলালুদ্দিন ওৰফে জাকিৰ হুছেইন।
পুৱা কামলৈ বুলি ওলাই যোৱা বিলালুদ্দিন ওৰফে জাকিৰ হুছেইন(৩৬) ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ অসহায় হৈ পৰিছিল। কোনো মতে পুৰণি লোহা টিন বিচাৰি নিজা পত্নী আৰু ল'ৰা ছোৱালী দুটাক পোহপাল দি আহিছিল জাকিৰ হুছেইন নামৰ ব্যক্তি গৰাকীয়ে। বিলালুদ্দিন ওৰফে জাকিৰ হুছেইন নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল ।
আৰক্ষীৰ তদন্তৰ পাছতে ধৃত বিশ্বজিত কুৰ্মীয়ে বিলালুদ্দিন ওৰফে জাকিৰ হুছেইনক হত্যা কৰাৰ কথা স্বীকাৰ কৰাত আজি পুৱাৰ ভাগত গোপনাৰী হাবি গাঁৱৰ এজন লোকৰ বাৰীত পুতি থোৱা অৱস্থাত মৃতদেহটো ডিগবৈ আৰক্ষী আৰু ডিগবৈ সমজিলা আৰক্ষী অধীক্ষকে দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ পৰিৱেশে বিৰাজ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা