
ধুবুৰী, ১৪ মে (হি.স.)। বিলাসীপাৰা পৌৰসভাৰ এটি পথে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। এজাক বৰষুণ দিলেই পথছোৱাৰে যাতায়ত ব্যৱস্থা ব্যহত হৈ পৰে। বৰষুণৰ পানীয়ে একাঠুলৈ বুৰাই ৰখাত পথছোৱাৰে ছাত্ৰ-ছাত্ৰী ,ৰোগী,সাধাৰণ ৰাইজে চলাচল কৰিব নোৱাৰা হৈ পৰে। পৌৰসভা খনৰ ৩ নং ৱাৰ্ডৰ ডাঃ বঙ্কিম নাথৰ ক্লিনিকৰ পৰা যোৱা পকী পথছোৱাৰ এনে দুৰৱস্থাই ৰাইজক ক্ষুব্ধ কৰি তুলিছে।
পথছোৱাৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰাৰ বাবে বিভাগীয় কতৃপক্ষক একাধিকবাৰ আবেদন জনাই আহিছে। পিছে পথছোৱাৰ সমস্যা সমস্যা হৈয়ে ৰ’ল।ৰাইজে চহৰ খনৰ ব্যস্থ পথছোৱাৰ কৃত্ৰিম বানৰ সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী উত্থাপন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ