
নলবাৰী, ১৪ মে’ (হি.স.): নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি বুধবাৰে নিশা ডকাইতিৰ চেষ্টা কৰা দুই হিন্দী ভাষী যুৱকক আটক কৰা হয় ৷ নলবাৰী ঘগ্ৰাপাৰ থানাৰ সমীপত তিনি হিন্দী ভাষী যুবকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখত কাপোৰ বান্ধি ডকাইতিৰ চেষ্টা চলাইছিল ৷ ইপিনে স্থানীয় ৰাইজে এই কথা জানিব পাৰি লগে লগে এজন যুৱকক আটক কৰে যদিও দুজন যুৱক এন্ধাৰৰ অচিলা লৈ পলাই যাবলৈ সক্ষম হয় ।
আনহাতে অন্য এজন হিন্দী ভাষী যুৱকক স্থানীয় ৰাইজৰ লগতে আৰক্ষী ঘন জংঘলৰ মাজত অভিযান চলাই আন জন ডকাইতক আটক কৰিবলৈ সক্ষম হয় ৷ উত্তেজিত ৰাইজে ধৃত এজন ডকাইতক উত্তম মাধ্যম সোধাই ঘগ্ৰাপাৰ থানাত গতাই দিয়ে ৷ বৰ্তমান দুয়োগৰাকীকৈ হিন্দী ভাষী ডকাইতক সোধপোছ কৰি আছে ৷ উল্লেখযোগ্য ডকাইতে আক্ৰমণ লোকজন জিলা ন্যায়াধীশ নীতেশ শৰ্মা বুলি জানিব পৰা গৈছে । উক্ত ঘটনাই সমগ্ৰ জিলা খনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ