শোণিতপুৰ বালিপৰাত দুটা ডকাইত আটক
শোণিতপুৰ বালিপৰাত দুজন ডকাইতক আটক ।
শোণিতপুৰ বালিপৰাত দুটা ডকাইত আটক


শোণিতপুৰ, ১৪ মে’ (হি.স.): শোণিতপুৰ বালিপৰাত দুটা ডকাইতক কৰায়ত্ত কৰা হৈছে । বালিপৰাৰ বোকাগাঁও খনত স্থানীয় ৰাইজে আটক কৰিছে দুটা ডকাইতক ।

জানিব পৰামতে, গাঁওখনৰ প্ৰফুল্ল তামূলী নামৰ এজন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ হাতত চোকা অস্ত্ৰ লৈ প্ৰবেশ কৰিছিল ডকাইত দুজনে । ইতিম্যেই দুজনক ৰাইজে গটাই দিলে চাৰিদুৱাৰ আৰক্ষীৰ যদিও আন দুজন পলাই যাবলৈ সক্ষম হয়। ডকাইত দুজনৰ পৰা এখন স্কুটি আৰু এখন চোকা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande