
বাক্সা, ১৪ মে (হি.স.)। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে হাহাকাৰ ৰাইজৰ। বাক্সাৰ শিমলা গেছ এজেঞ্চীত দীঘলীয়া শাৰী ৰন্ধন গেছ হিতাধিকাৰীৰ।শ শ পুৰুষ মহিলাই বাহিবন কাটি কৰি ঘৰৰ চৌকা জ্বলোৱাৰ উদ্দেশ্য ওলাই আহিছে এটি ৰন্ধন গেছৰ চিলিণ্ডাৰ বিচাৰি। বৰ্তমান কৃষি কাৰ্যৰ সময় তেনে ক্ষেত্ৰত কৃষক ৰাইজ বহু অসুবিধাৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে। বৰ্তমান ইৰাণ আৰু আমেৰিকা– ইজৰাইলৰ মাজত যুদ্ধঅব্য়াহত থকাত হৰমুজ প্ৰণালীৰ মাজেৰে সকলো ধৰণৰ ইন্ধনৰ স্বাভাৱিক আহ যাহ বাধাপ্ৰাপ্ত হৈছে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ