
শিৱসাগৰ, ১৪ মে’ (হি.স.): শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত বলিয়াঘাটত যোৱা কালি বুধবাৰে নিশা চোৰাং গৰু জব্দ কৰা হয় । শিৱসাগৰ জিলাৰ ৰিৰিয়াৰ পৰা কলিয়াবৰলৈ সৰবৰাহ কৰা হৈছিল চোৰাং গৰু।
প্ৰাপ্ত তথ্য়মতে, এএছ ০১ কিউচি ৮১৩৮ নম্বৰৰ এখন বলেৰ পিক আপ ভানত কলিয়াবৰৰ অজ্ঞাত স্থানলৈ সৰবৰাহ কৰা হৈছিল বাৰটাকৈ গৰু।চোৰাং সৰবৰাহকাৰীয়ে কৌশলেৰে সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল বাৰটাকৈ গৰু।জয়সাগৰ আৰক্ষীৰ অভিযানত বাহনসহ জব্দ হয় চোৰাং গৰু। আৰক্ষীয়ে বাহনচালক দিলাদৰ হুছেইন আৰু সহযোগী চৰিফুল ইছলামক আটক কৰাৰ লগতে সোধা পোছা অব্যাহত ৰাখিছে । কঠোৰ গো-ধন আইনৰ পাছতো উজনিত এটা বৃহৎ চোৰাং গৰু সৰবৰাহ কৰা চক্ৰই আৰক্ষীৰ নাকৰ তলতেই চোৰাং গো-ধনৰ ব্যৱসায় চলাই আছে আজিৰ ঘটনাই তাকেই প্ৰমাণ কৰিলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ