
কাৰ্বিআংলং, ১৪ মে (হি.স.)। হাতী-মানুহৰ সংঘাত এতিয়া চিৰ পৰিচিত। খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য হাতীয়ে ৰাজ্যৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই আহিছে ৷ যাৰ ফলত নিহত হৈছে কেইবাজনো লোক। আজি বোকাজানতো সংঘটিত হয় তেনে এক কৰুণ ঘটনা।
অসম-নাগালেণ্ড সীমান্তৱৰ্তী বোকাজানৰ অৰেচা আদিবাসী গাওত আজি মাজনিশা প্ৰায় ১ টা বজাত সকলো নিদ্ৰাত নিতাল মৰা সময়তে ওচৰৰ বনাঞ্চলৰ পৰা ওলাই আহে এটি বনৰীয়া হাতী। হাতীটোৱে গাঁওখনৰ জেহেৰুল ইছলাম নামৰ ব্যক্তি গৰাকীৰ ঘৰত আক্ৰমণ কৰি ঘৰটো ভাঙি উপদ্ৰৱ চলায়। তেনে সময়তে জেহেৰুলে তেওঁৰ শুই থকা পুত্ৰক বুকুত সাৱতি পলাবলৈ চেষ্টা কৰোতেই হাতীটোৱে দুয়োকে আক্ৰমণ কৰে। ফলত তানবিৰ আলম নামৰ তিনিবছৰীয়া শিশুটিয়ে কৰুণ মৃত্যুক আকোঁৱালি লোৱাৰ লগতে জেহেৰুল ইছলাম আৰু এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কাৰাগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা