
তিনিচুকিয়া, ১৪ মে (হি.স.)। মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ ব'হাগী উৎসৱৰ শুভাৰম্ভ, সু-বিশাল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই ছানিলে মাৰ্ঘেৰিটা ৰাজপথ।
আজিৰে পৰা আৰম্ভ হল মাৰ্ঘেৰিটা ব্যৱসায়ীক সন্থাৰ ব'হাগী উৎসৱ ২০২৬। ব্যৱসায়ী সন্থাৰ উদ্যোগত ১৪ মে'ৰ পৰা ১৬ মে'লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰ অনুষ্ঠিত কৰা হৈছে ব'হাগী উৎসৱ ২০২৬।
আজি প্ৰথম দিনৰ এক অন্যতম মূখ্য আকৰ্ষণ আছিল সু-বিশাল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত দুটাকৈ হাতীসহ শ শ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ কৰে। সাংস্কৃতিক শোভাযাত্ৰাত লোকে লোকাৰণ্য হৈ পৰে ৩১৫ নং মাৰ্ঘেৰিটাৰ ৰাজপথ।
শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা সম-জিলা আয়ুক্ত ৰাহুল দলেই।
উল্লেখ্যে যে উজনি অসমৰ এক অন্যতম ব'হাগী উৎসৱ হিচাপে বিবেচিত হৈ আহিছে মাৰ্ঘেৰিটা ব'হাগী উৎসৱ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়, উদ্যোক্তা সমিতিয়ে ব'হাগী উৎসৱ ভাগ সফলতা বাবে সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু