
বৰপেটা, ১৪ মে (হি.স.)। বৰপেটা ৰোডৰ চৰকাৰী চিকিৎসালয়ত বিহাৰৰ চিকিৎসকৰ অবৈধভাৱে চিকিৎসা প্ৰদান। বৰপেটা ৰোডৰ চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বৰপেটা ৰোডৰ চৰকাৰী চিকিৎসালয়ত বিহাৰৰ পৰা অহা এমবিবিএছ ডিগ্ৰীধাৰী চিকিৎসকে স্বাস্থ্য বিভাগৰ নীতি বহিৰ্ভূত ভাৱে চলাইছে চিকিৎসা সেৱা। স্বাস্হ্য বিভাগৰ নীতি নিৰ্দেশনাক ভেঙুচালি চিকিৎসালয় খনৰ খোদ উপ-অধীক্ষক মুকুট চন্দ্ৰ দাসৰ। স্বাস্থ্য বিভাগৰ নীতি নিয়ম নামানি কিৰ্গীস্থানৰ পৰা এমবিবিএছ ডিগ্ৰী লোৱা এজন বিহাৰৰ পৰা অহা চিকিৎসকক চিকিৎসাৰ অনুশীলন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে চিকিৎসালয় খনৰ উপ অধীক্ষক ড৹ মুকুট চন্দ্ৰ দাসে।
উক্ত ঘটনা সংঘটিত হৈ বৰপেটাৰোড এফ আৰ ইউ আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। বিহাৰৰ পৰা অহা ড৹ আলোক তিৱাৰী নামৰ ব্যক্তিগত চিকিৎসক গৰাকীক চিকিৎসা বিভাগৰ কোনোধৰণ নিযুক্তি নোহোৱাকৈ ৰোগীৰ চিকিৎসা কৰিবলৈ ব্যক্তিগত সহায়ক হিচাপে অনুশীলনত নিযুক্তি প্ৰদান কৰিছে বৰপেটাৰোড এফ আৰ ইউ আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ড০ মুকুট চন্দ্ৰ দাসে। উপ অধীক্ষক ড০ মুকুট চন্দ্ৰ দাসে নিজৰ ব্যক্তিগত সহায়ক হিচাপে লৈ ৰোগীৰ ৰক্তচাপ পৰীক্ষা কৰাৰ লগতে আন আন স্বাস্থ্য পৰীক্ষাৰ বাবেও এইগৰাকী বিহাৰৰ পৰা অহা চিকিৎসক আলোক তিৱাৰীক লগত লৈ চলাইছে চিকিৎসা সেৱা।
আন এক উল্লেখ্য যে উপ অধীক্ষক মুকুট চন্দ্ৰ দাসে এই গৰাকী আলোক তিৱাৰী নামৰ চিকিৎসকৰ সহায়ত চিকিৎসালয়লৈ অহা ৰোগী সকলক ব্যক্তিগত ফাৰ্মাচীৰ চেম্বাৰৰ ভিজিটিং কাৰ্ড দি ব্যক্তিগত চিকিৎসা কৰাৰ তথ্য পোহৰলৈ আহিছে মুকুট চন্দ্ৰ দাসৰ টেবুলত থকা নিউ অপ্তিমাচ মেডিকেয়াৰ নামৰ এখন ব্যক্তিগত ফাৰ্মাচীৰ ভিজিটিং কাৰ্ডৰ জৰিয়তে।
এগৰাকী চৰকাৰী চিকিৎসালয়ৰ উপ-অধীক্ষক মুকুট চন্দ্ৰ দাসে বহি ৰাজ্যৰ পৰা অহা এমবিবিএছ ডিগ্ৰীধাৰী চিকিৎসকক স্বাস্থ্য বিভাগৰ কোনো অনুমতি বা কোনো নিযুক্তি পত্ৰ নোহোৱাকৈ নিজৰ খেয়াল খুচি মতে লগত ৰাখি চিকিৎসাৰ প্ৰদানৰ বাবে ৰঙা দলিছা পাৰি দিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ