
কামৰূপ, ১৪ মে (হি.স.)। ৰঙিয়া ৰেল জংচনত যোৱা নিশা বৃহৎ পৰিমানৰ নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে বহিঃৰাজ্যৰ সৰবৰাহকাৰী এজন আটক কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী ।
নামনি মুৱা ডিব্ৰুগড় লোকামান্য তিলক ৰেল গাড়ী খনত ৰঙিয়া ৰেল আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত গাঞ্জাখিনি জব্দ কৰাৰ লগতে বহিঃৰাজ্যৰ সৰবৰাহকাৰী জনকো হাতে লোটে আটক কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰী জন বিহাৰৰ ভোজপুৰ জিলাৰ নসদমপুৰ গাৱৰ নিতেশ সিং ওৰফে নিহাল । ধৃত নিতেশ সিঙৰ জিম্মাৰ পৰা ৰেল আৰক্ষীয়ে জব্দ কৰে ৬ টা পেকেটত ৫৬ কেজি নিষিদ্ধ গাঞ্জা ।
নিতিশ সিঙে যোৰহাটৰ মৰিয়নীৰ পৰা বিহাৰলৈ নিষিদ্ধ গাঞ্জাখিনি সৰবৰাহ কৰিবলৈ লওতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰী নিতিশ সিঙক ৰঙিয়া ৰেল আৰক্ষীৰ জিম্মাত লৈ সোধপোচ অব্যাহত ৰখা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা