পৱন খেড়া কংগ্ৰেছৰ বাবে আত্মঘাতী বোমাৰু, এতিয়া বোমাটোৰ চলি আছে পৰীক্ষা : ভূপেন বৰা
গুৱাহাটী, ১৪ মে’ (হি.স.)। বিজেপি বিধায়ক ভুপেন বৰাই বৃহস্পতিবাৰে কংগ্ৰেছ আৰু দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়াৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি কয় যে পৱন খেড়া কংগ্ৰেছৰ বাবে “আত্মঘাতী বোমাৰু” আৰু এতিয়া সেই “বোমা”ৰ পৰীক্ষা চলি আছে। মাধ্যমৰ সৈতে হোৱা কথ
Bhupen Bora भूपेन बोरा


গুৱাহাটী, ১৪ মে’ (হি.স.)। বিজেপি বিধায়ক ভুপেন বৰাই বৃহস্পতিবাৰে কংগ্ৰেছ আৰু দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়াৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি কয় যে পৱন খেড়া কংগ্ৰেছৰ বাবে “আত্মঘাতী বোমাৰু” আৰু এতিয়া সেই “বোমা”ৰ পৰীক্ষা চলি আছে।

মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ভূপেন বৰাই অভিযোগ কৰে যে নগাঁও লোকসভা নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছে সমান নাগৰিক সংহিতা (ইউচিচি)ৰ বিৰোধিতা কৰি আছে। তেওঁ কয় যে ৰাজনৈতিক লাভৰ বাবে কংগ্ৰেছে এই বিষয়টোক বিতৰ্কিত কৰি তুলিবলৈ চেষ্টা কৰিছে।

বিজেপি বিধায়কজনে কয় যে ৰাজ্য চৰকাৰে অহা ২৬ মে’ত বিধানসভাত ইউচিচি উত্থাপন কৰিব। প্ৰস্তাৱিত আইনখনত বিবাহৰ বয়স, বহুবিবাহ, কন্যাৰ সম্পত্তিৰ অধিকাৰকে ধৰি বহু গুৰুত্বপূৰ্ণ বিধান অন্তৰ্ভুক্ত কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰিও, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ মুখ্য নেতা অখিল গগৈকো সমালোচনা কৰি ভূপেন বৰাই অভিযোগ কৰে যে দুয়োগৰাকী নেতাই বহুবিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকৰ স্থিতি খিলঞ্জীয়াবিৰোধী।------------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande