
শিৱসাগৰ, ১৪ মে (হি.স.)। সদ্য় সমাপ্ত বিধানসভা নিৰ্বাচনৰ পাছত মিত্ৰজোঁটৰ পৰাজয়ৰ মূল কাৰণ হিচাপে অখিল গগৈয়ে গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়টোক সহজভাবে গ্ৰহণ কৰা নাই শিৱসাগৰ জিলা কংগ্ৰেছে। শিৱসাগৰ জিলা কংগ্ৰেছৰ সংবাদমেল।
শিৱসাগৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে জিলা কংগ্ৰেছৰ সভাপতি অজয় গগৈয়ে।
অখিল গগৈৰ অভিযোগক সম্পূৰ্ণ নস্যাৎ কৰে জিলা কংগ্ৰেছে। নিৰ্বাচনত জয় পৰাজয় থাকে আৰু সেই কথাবোৰ বিশ্লেষণ নকৰাকৈ অখিল গগৈয়ে পোনপটীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক পৰাজয়ৰ মূল কাৰণ হিচাপে অভিযোগ কৰা বিষয়টোত কংগ্ৰেছ কৰ্মী সকলে মনত যথেষ্ট দুখ পাইছে। আমি নিৰ্বাচনত ৰাইজৰ দলক সম্পূৰ্ণ সহায় আগবঢ়াইছিলো বুলি কংগ্ৰেছ নেতা গৰাকী মন্তব্য় প্ৰকাশ কৰে।
অদূৰ ভৱিষ্যতে মিত্ৰজোঁটত ৰাইজৰ দল থাকিবনে নাই ৰাইজে সিদ্ধান্ত লব। নিৰ্বাচনত মিত্রজোঁটৰ পৰাজয়ৰ মূল কাৰণ হিচাপে অখিল গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক জগৰীয়া কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জিলা কংগ্ৰেছৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু