
বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে তেওঁৰ বহু প্ৰত্যাশিত ছবি কিংৰ বাবে অহৰহ বাতৰিৰ শিৰোনামা দখল কৰি আছে। অভিষেক বচ্চনক ছবিখনত মূল চৰিত্ৰত অভিনয় কৰা দেখা যাব। ইফালে ছবিখনৰ চেটৰ পৰা অভিষেকৰ কিছু ফটো ছ’চিয়েল মিডিয়াত ফাদিল হোৱাত অনুৰাগীৰ মাজত অপৰিসীম উত্তেজনাৰ সৃষ্টি হৈছে। ভাইৰেল ফটোবোৰত তেওঁৰ আক্ৰমণাত্মক আৰু একচন-পেকড ষ্টাইল প্ৰকাশ পাইছে, যাৰ ফলত মানুহে তেওঁক ছবিখনৰ বিপজ্জনক খলনায়ক বুলি গণ্য কৰে।
ফটো সমূহত অভিষেক বচ্চনক পাহাৰীয়া অঞ্চলত এখন বাহনৰ ওপৰত থিয় হৈ থকা দেখা গৈছে। ক’লা ৰঙৰ সাজ-পোছাকৰ সৈতে দীঘল ধূসৰ ৰঙৰ অভাৰকোট পিন্ধিছে আৰু হাতত অস্ত্ৰ যেন লগা বস্তু এটা হাতত লৈছে। আন এখন ফটোত গাড়ী দুৰ্ঘটনাৰ সৈতে জড়িত হাই অক্টেন একচন দৃশ্য দেখা গৈছে। ছ’চিয়েল মিডিয়াত ফটো ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলে ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।
ইতিমধ্যে ছবিখনক লৈ দৰ্শকৰ মাজত প্ৰচণ্ড উত্তেজনা। কিছুদিন পূৰ্বে চেটৰ পৰা দীপিকা পাডুকন আৰু শ্বাহৰুখ খানৰ ফটো ভাইৰেল হৈছিল, য’ত দক্ষিণ আফ্ৰিকাত এটা গীতৰ শ্বুটিং কৰা দেখা গৈছিল। ছবিখনত চুহানা খান, ৰাণী মুকেৰ্জী, অনিল কাপুৰ, আৰু জেকী শ্ৰফেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। বৰদিনৰ লগত সংগতি ৰাখি অহা ২৪ ডিচেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ কথা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া