দেৰগাঁৱৰ গেলাবিল দলংত উদ্ধাৰ পৰিত্যক্ত স্কুটী
গোলাঘাট, ১৪ মে (হি.স.)। দেৰগাঁৱৰ হাঁহচৰাৰ গেলাবিল দলংত অঘটন । দলংৰ ওপৰত উদ্ধাৰ হয় এখন পৰিত্যক্ত স্কুটী। স্কুটী খনৰ গৰাকী দেৰগাঁৱৰ বুঢ়ীগোসাঁনী থানৰ সমীপৰ ৰঞ্জন কলিতা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰঞ্জন কলিতা নামৰ যুৱকজন মঙ্গলবাৰৰ পৰা নিৰুদ্দেশ
দেৰগাঁৱৰ গেলাবিল দলংত উদ্ধাৰ পৰিত্যক্ত স্কুটী


গোলাঘাট, ১৪ মে (হি.স.)। দেৰগাঁৱৰ হাঁহচৰাৰ গেলাবিল দলংত অঘটন । দলংৰ ওপৰত উদ্ধাৰ হয় এখন পৰিত্যক্ত স্কুটী। স্কুটী খনৰ গৰাকী দেৰগাঁৱৰ বুঢ়ীগোসাঁনী থানৰ সমীপৰ ৰঞ্জন কলিতা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰঞ্জন কলিতা নামৰ যুৱকজন মঙ্গলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। বুধবাৰে বিয়লিৰ ভাগত দেৰগাঁও হাঁহচৰা দলঙৰ ওপৰত যুৱক জনৰ এএছ ০৫এক্স-৭২৬৪ নম্বৰৰ স্কুটীখন উদ্ধাৰ হোৱাৰ পাছতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিস্থিতিৰ ।

ৰাইজৰ সন্দেহ যুৱকজনে স্কুটীখন দলঙত থৈ জাঁপ দিয়ে গেলাবিল নৈত। ৰাইজৰ সন্দেহৰ ভিত্তিত ইতিমধ্যে দেৰগাঁও আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে গেলাবিল নদীত যুৱকজনৰ সন্ধানত অভিযান চলাইছে যদিও সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande