
গুৱাহাটী, ১৩ মে' (হি.স.)। অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে মঙলবাৰে শপতগ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীৰ আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। শপতগ্ৰহণৰ পিছতেই বুধবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক বুধবাৰে বিয়লি ২ বজাত কইনাধৰাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, মঙলবাৰে শপগ্ৰহণৰ দিনাই নিশা খানাপাৰাস্থিত হোটেল ভিভান্তাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। হোটেল ভিভান্তাত বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰী আৰু কেন্দ্ৰীয় নেতাক সৌজন্যমূলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে ড° হিমন্ত বিশ্ব শৰ্মাই।
हिन्दुस्थान समाचार / অৰৱিন্দ