
শিৱসাগৰ, ১৩ মে’ (হি.স.): ৱল্ড ফিটনেছ ফেডাৰেচন যোগাসন অসম শাখা, নিৰাময় যোগ চেণ্টাৰ, বালিঘাট আৰু পতঞ্জলি যুৱ ভাৰতৰ যৌথ উদ্যোগত নাজিৰা সমজিলাৰ শিমলুগুৰি নগৰৰ সমীপৰ জ্যোতি বিবাহ ভৱনত অহা ১৭ মে'ত দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত এক যোগাসন প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
অসমৰ বিভিন্ন প্ৰান্তৰ ৫০০ত কৈ অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত। ৫ বছৰৰ শিশুৰ পৰা ৮০বছৰৰ প্ৰাপ্তবয়স্ক লোকলৈকে মুঠ ১২ টা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হব। ফিটনেছ ফেডাৰেচন যোগাসন অসম শাখাৰ বালিঘাটস্হিত নিৰাময় যোগ চেন্টাৰত যোৱা কালি মঙলবাৰে সন্ধিয়া আয়োজিত এখন সংবাদ মেলত উদ্যোক্তাসকলে প্ৰতিযোগিতাৰ সম্পৰ্কে অৱগত কৰে। সংবাদ মেলত উদযাপন সমিতিৰ সম্পাদক জয়ন্ত দুৱৰা, সহকাৰী সম্পাদক দেবানন্দ ফুকন, নিৰাময় যোগ চেন্টাৰৰ পৰিচালক বিনীতা ৰাজকুমাৰী গগৈকে প্ৰমুখ্য কৰি উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ