বনাঞ্চলৰ পৰিৱৰ্তে জনাঞ্চলত বন্যহস্তী আৰু বনৰীয়া ম’হৰ মুক্ত বিচৰণ
বনাঞ্চলৰ পৰিৱৰ্তে জনাঞ্চলত মুক্ত বিচৰণ কৰিছে বন্যহস্তী আৰু বনৰীয়া ম’হ।
বনাঞ্চলৰ পৰিৱৰ্তে জনাঞ্চলত বন্যহস্তী আৰু বনৰীয়া ম’হৰ মুক্ত বিচৰণ


নগাঁও, ১৩ মে’ (হি.স.): বনাঞ্চলৰ পৰিৱৰ্তে জনাঞ্চলত মুক্ত বিচৰণ কৰিছে বন্যহস্তী আৰু বনৰীয়া ম’হ । চামগুৰিৰ ভৰাগুৰি গাঁৱৰ চহা কৃষকসকলৰ পথাৰত বন্যহস্তীৰ লগতে বনৰীয়া ম’হেও চলাইছে উপদ্ৰৱ আৰু আতংক। এই সময়ত কৃষকসকলৰ বৰো ধান চপোৱাৰ ব্যস্ততা চলি থকাৰ মাজতে ৪টা বন্যহস্তীয়ে নষ্ট কৰিছে বিস্তীৰ্ণ খেতিপথাৰ। সমান্তৰালকৈ বনৰীয়া ম’হৰ উপদ্ৰৱেও আতংকিত কৰি তুলিছে অঞ্চলবাসীক। ফলত বহু কৃষকে মূৰে কঁপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে বছৰটোৰ প্ৰায় বাৰমাহেই ভৰাগুৰি গাঁৱৰ ৰাইজে সহ্য কৰিবলগীয়া হয় বন্যহস্তীৰ উপদ্ৰৱ।বন্যহস্তীৰ আতংকত গাঁওখনৰ বহু লোকেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইফালে, হাতীকেইটা খেদি পঠিওৱা আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় খেতিয়ক ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande